নৰেন্দ্ৰ মোদীক চৰমসীমাই দি দিছে RSSয়ে,
হয় প্ৰধানমন্ত্ৰী পদ, নহয় দল- এই দুয়োটাৰে ভিতৰতে এটাহে মোদীয়ে হাতৰ মুঠিত ৰাখিব পাৰিব৷ যিকোনো এটা পদত অধিষ্ঠিত হ’ব লাগিব RSSৰ পছন্দৰ প্ৰাৰ্থী৷
২০১৯ চনৰ লোকসভা নিৰ্বাচনত মোদী চৰকাৰ গঠন হোৱাৰ পিছত মন্ত্ৰীসভাত অন্তভুৰ্ক্ত হৈছিল তেতিয়াৰ সভাপতি অমিত শ্বাহ| তেওঁ মন্ত্ৰীপদ গ্ৰহন কৰাৰ ১৮ দিনৰ ভিতৰত বিজেপিয়ে সভাপতি পাতিছিল জেপি নড্ডাক৷
কিন্তু এইবৈলি জেপি নড্ডা মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাৰ ১১০ দিন পাৰ হোৱাৰ পিছতো নতুন সভাপতি নিয়োগ কৰিব পৰা নাই বিজেপিয়ে৷ ইতিমধ্যে নড্ডাৰ কাৰ্যকাল শেষ হোৱাও ৯০ দিন হ’ল, তথাপি বিজেপিয়ে নতুন সভাপতি নিয়োগ কৰিব পৰা নাই৷
RSS অঁকৰা মৈত উঠাৰ ফলত বিজেপিয়ে সভাপতি নিযুক্ত কৰিব নোৱাৰা হৈছে৷ দল নিয়ন্ত্ৰণত ৰাখিবলৈ RSSয়ে নিযুক্তি দিবলৈ ওলাইছে পছন্দৰ সভাপতি৷
বিজেপিৰ সভাপতি RSSৰ প্ৰথম পছন্দ হৈছে সঞ্জয় বিনায়ক যোশী৷ কিন্তু মোদীয়ে যোশীক ভুলতো মানি নলয়৷
তাৰে সুযোগ লৈছে RSSয়ে৷ নৰেন্দ্ৰ মোদীয়ে অনুগত শিৱৰাজ সিং চৌহানক বিজেপিৰ সভাপতি পাতিব বিচৰাৰ পৰিৱৰ্তে RSSৰ দ্বিতীয় পছন্দ হৈছে বসুন্ধৰা ৰাজে সিন্ধিয়া৷
ৰাজস্থানৰ প্ৰাক্তন মুখ্যমন্ত্ৰীক RSSয়ে প্ৰক্ষেপ কৰিছে৷ কিন্তু তাতো মান্তি হোৱা নাই মোদীপন্থী বিজেপি৷ সিন্ধিয়াকো মোদীয়ে অগ্ৰাহ্য কৰাৰ পিছত RSSৰ তৃতীয় পছন্দ হৈছে নীতিন গাডকাৰী৷
কিন্তু শেষত কাও-বাও কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজনাথ সিঙকে দলৰ সভাপতি পদত বিচাৰিছে৷ তেওঁ এই বাৰ্তাসহ নাগপুৰস্থিত সংঘৰ সদৰলৈ প্ৰেৰণ কৰিলে অমিত শ্বাহক৷
পিছে গৃহমন্ত্ৰীৰ জৰিয়তে অধিক কঠোৰ বাৰ্তাহে মোদীলৈ প্ৰেৰণ কৰিছে RSSয়ে৷ খবৰ অনুসৰি দলৰ হাতৰ মুঠিত ৰাখিবলৈ প্ৰধানমন্ত্ৰী পদেই ত্যাগ কৰিবলৈ মোদীক উপদেশ দিছে সংঘই৷