আকৌ দেশৰ ৰাজনীতিত মাটিৰ প্ৰসংগ

ভাৰতীয় ৰাজনীতি আকৌ মহাভাৰতৰ দৰে হৈ পৰিছে৷ প্ৰায় প্ৰতিখন ৰাজ্যতে ভূমি কেলেংকাৰিয়ে কঁপাই তুলিছে ৰাজনীতি৷ ক্ষমতাশালীয়ে দখল কৰিছে মাটি৷
কিন্তু শুনক
স্বাধীনতাৰ পিছতে অসমৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল হেম বৰুৱা৷ কিন্তু বহুদিন ক্ষমতা ভোগ কৰিও তেওঁ নিজৰ বাবে একোৱেই নকৰিলে৷ পিছলৈ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহা মন্ত্ৰীসভাৰ ৰাজহ মন্ত্ৰী মতিৰাম বৰাই সাংসদ বৰুৱাক জনালে- চৰকাৰে তেওঁৰ নামত গুৱাহাটীত এডোখৰ মাটি আবণ্টন দিব খোজে।
সেই পত্ৰৰ উত্তৰত হেম বৰুৱাই লগে লগে জনাই দিলে- মোৰ ঘৰ-মাটিৰ কথা আপুনি চিন্তা কৰিব নালাগে। যোৰহাটৰ তৰাজানত থকা পিতৃৰ ঘৰ-মাটিৰেই মোৰ চলি যাব।
চৰকাৰৰ সচাই যদি মাটি দিয়াৰ মন তেন্তে ভূমিহীন পৰিয়ালবোৰকে দিয়ক। গুৱাহাটীৰে বি বৰুৱা কলেজখনৰ বাবে আহল-বহল ঠাই এডোখৰত মাটি আবণ্টন দিয়ক! গতিকে হেম বৰুৱাই মাটিডোখৰ নল’লে৷
এতিয়া শুনক এটা বেলেগ কাহিনী
ফলত কি হৈছে শুনক
একমাত্ৰ মাটিৰ খঁকৰ বাবে লালুপ্ৰসাদ আৰু তেজস্বীৰ বিৰুদ্ধে লেণ্ড ফৰ জব কেলেংকাৰিৰ গোচৰ চলি আছে৷ তেওঁলোকে মাটিৰ বিনিময়ত চাকৰি দিয়া বুলি উঠিছে অভিযোগ৷
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে প্ৰায় ৫ মাহ জেল খাটিলে। ৫ মাহৰ বাবে মুখ্যমন্ত্ৰিত্বও গ’ল। দলতো বিসম্বাদ হ’ল। এই সকলোবোৰৰে একমাত্ৰ কাৰণ ভূমি কেলেংকাৰি৷
এইবাৰ পাল পৰিছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াৰ৷ তেওঁ মহীশূৰ নগৰ উন্নয়ন প্ৰাধিকৰণৰ মাটি দখল কৰাৰ অভিযোগৰ তদন্ত কৰিবলৈ কৰ্ণাটক উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিছে।

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email