RSSৰ প্ৰিয়পাত্ৰ ফণী শৰ্মা অসুস্থ,
প্ৰ’টিনহীনতাত ভুগিছে ফণী শৰ্মাই৷ সেয়ে অসমলৈ উভতি আহিছে ফণী শৰ্মা৷ অসম তথা ত্ৰিপুৰাৰ পৰা নি বিজেপি নেতৃত্বই হাৰিয়ানাৰ দায়িত্বত নিয়োজিত কৰা শৰ্মাৰ প্ৰত্যাৱৰ্তনৰ আঁৰত কিন্তু কিছু কথা আছে৷
উপৰুৱা খবৰ অনুসৰি প্ৰ’টিনজনিত ৰোগৰ বাবে ফণী শৰ্মা ঘূৰি আহিছে৷ কিন্তু হাৰিয়ানাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত সেই ৰাজ্যৰে প্ৰভাৰী হৈ থকা শৰ্মা কিয় ঘূৰি আহিছে সেয়া হৈ পৰিছে ৰহস্যৰ বিষয়৷
সমৰ্থিত সূত্ৰই সদৰী কৰা অনুসৰি শৰ্মা দীৰ্ঘদিনৰ পৰা ৰোগাক্ৰান্ত হৈ আছিল৷ কিন্তু নিৰ্বাচনৰ পূৰ্বে তেওঁক হাৰিয়ানাৰ দায়িত্বৰ পৰা অব্যাহতি দিয়াত মূল ভূমিকা গ্ৰহণ কৰিছে RSS প্ৰধান মোহন ভগৱত৷
খবৰ অনুযায়ী কিছুমাহ পূৰ্বে এখন বৈঠকত ফণী শৰ্মাই সৰসংঘচালক ভগৱতৰ সৈতে অসমৰ ৰাজনীতিৰ বিষয়ে দীঘলীয়া আলোচনা কৰিছিল৷ সেই সভাতে অসমলৈ উভতি অহাৰ ইচ্ছা ব্যক্ত কৰিছিল শৰ্মাই৷
২০১৬ৰ নিৰ্বাচনত জিকিবলৈ যে অসমৰ ৰাজনীতিত কিছু সংশোধনৰ দৰকাৰ সেই কথাও ফণী শৰ্মাই ভগৱতক জনাইছিল৷ গতিকে সংঘৰ নেতৃত্বই তেওঁক হাৰিয়ানাৰ দায়িত্বৰ পৰা ৰিলিজ কৰিছে৷
RSSৰ পৰা গৈ প্ৰদেশ বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক হোৱা ফণী শৰ্মাৰ সৈতে কিন্তু অসমত প্ৰভাৱশালী বিজেপি গোটৰো সম্পৰ্ক ক্ৰমে মধুৰ হৈ পৰা বুলিও এটা সূত্ৰই সদৰী কৰিছে৷ কিন্তু তথ্য অনুযায়ী এজন শীৰ্ষ বিজেপি নেতাই অসমত বিচাৰিছে ফণী শৰ্মাক৷ সেয়ে খৰধৰকৈ অসমত উপস্থিত হৈছে ফণী শৰ্মা৷