মিস্ত্ৰীবোৰৰ কাম নাই

কাঠৰ টেবল-চকীৰ দাম এমাহতে ৫০ গুণ বাঢ়িল৷ আগেয়ে ৫০০ টকাতে উপলব্ধ কাঠৰ টেবলৰ বজাৰত দাম হ’লগৈ কমেও ৯০০ টকা৷
দামী বাদেই, সাধাৰণ কাঠৰ আচবাবৰ বজাৰতো হঠাতে হৈছে মুদ্ৰাস্ফীতি৷ গছ কাটি বন বিভাগে আচবাব সাজিবলৈ কাঠ উভৈনদী কৰিছে৷ কিন্তু অজ্ঞাত কাৰণত বৃদ্ধি হৈছে আচবাবৰ দাম৷
পূৰ্বে ঘূণে খোৱা এখন সাধাৰণ টেবল বজাৰত ৪০০-৫০০ টকাতে উপলব্ধ আছিল৷ কিন্তু দুমাহৰ ভিতৰতে সাধাৰণ টেবলৰ দাম দুগুণে বৃদ্ধি পালে৷ একেদৰে পাইন কাঠৰ চকীও ৫০০ টকাৰ তলত পাবলৈ নোহোৱা হ’ল৷
কিন্তু বজাৰত কাঠৰ অভাৱ হোৱা নাই৷ তথাপি দুমাহৰ ভিতৰতে অসম্ভৱ হাৰত বৃদ্ধি হৈছে সাধাৰণ আচবাবৰ দাম৷ সচৰাচৰ ভাৰাঘৰৰ বাসিন্দাই ব্যৱহাৰ কৰা বিছনা-টেবল বজাৰত কম দামতে উপলব্ধ হয়৷ কিন্তু বৰ্তমান পাইন কাঠৰ এজনীয়া বিছনাৰে দাম হৈছেগৈ ২২ টকা৷
একেদৰে বাঢ়িছে আন সকলো আচবাবৰ দাম৷ সাধাৰণ আলনা এডালো ১৫ টকাৰ তলত বজাৰত পাবলৈ নোহোৱা হৈছে৷
ৰহস্যজনভাৱে অসমৰ বজাৰত আচবাবৰ বাঢ়িছে দাম৷ কিন্তু কিয় কাঠৰ সজুলিৰ দাম বাঢ়িছে সেয়া কোনেও নাজানে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email