বৰষুণ আহিল, স্কুলো খুলিলে

বৰষুণ হ’ল অসমত, লোকচান হ’ল ছিলঙৰ হোটেলৰ৷ উৎকট গ্ৰীষ্মদাহৰ পিছত অহা এজাক বৰষুণৰ বাবে অসমৰ ৰাইজে সকাহেই পাইছে৷ কিন্তু বৰষুণজাকক বিৰাট বেয়া পাইছে ছিলঙীয়া বেপাৰীয়ে৷
কাৰণ বৰষুণৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ লাখ লাখ টকা লোকচান হ’ল৷ বহুতে হোটেল বুকিং বাতিল কৰিলে, শতাধিকে আকৌ এদিন থাকিয়েই ছিলঙৰ পৰা উভতিবলগীয়া হ’ল৷
ছিলঙীয়া ব্যৱসায়ীৰ মন বেয়া লগাই আধাতে গুৱাহাটীলৈ ওভতা গ্ৰাহকসকল হৈছে শিক্ষক-শিক্ষয়িত্ৰী৷ উৎকট গৰমৰ বাবে গুৱাহাটীৰ স্কুল চাৰিদিনৰ বাবে প্ৰশাসনে বন্ধ ঘোষণা কৰিছিল৷ ছেগ বুজি পৰিয়াল লৈ ছিলঙলৈ ফুৰিবলৈ গৈছিল মহানগৰৰ শিক্ষক-শিক্ষয়িত্ৰী৷ কিন্তু একাংশই বন্ধ উপভোগৰ বাবে ছিলং যাত্ৰা কৰা দিনটোতে আহিল বৰষুণ৷
আনসকলে আকৌ ভ্ৰমণৰ পৰিকল্পনা কৰি থকাতে থাকিল৷ তেওঁলোকে ছিলঙৰ হোটেল অনলাইনত বুক কৰাৰ পিছতে গুৱাহাটী শীতল কৰিলে বৰষুণে৷
পুলিচ বজাৰৰ ছিলং পাৰ্ক ৰেছিডেন্সী, দ্য আৰ্ক গেষ্ট হাউছ, ডায়াটেই হোমষ্টে’ আদিৰ কৰ্তৃপক্ষই জনোৱা মতে তিনিদিনৰ বাবে সকলো কোঠা অসমৰ পৰ্যটকে বুকিং কৰি ৰাখিছিল৷ কিন্তু হঠাতে তেওঁলোকে বুকিং কেন্সেল কৰিলে৷
ৰয়েল পাইন, জোষ্টেল ছিলং আদিৰো বুকিং হঠাতে হৈ গ’ল কেন্সেল৷ এজাক বৰষুণৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীৰ ছিলং যাত্ৰাৰ হেপাহ হৈ থাকিল আধৰুৱা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email