চাৰিদিনত কেবালাখো লুট

সাৱধান হওক, ঘৰ ভাৰালৈ নিদিব৷
এতিয়া প্ৰবঞ্চকৰ ঠগবাজীৰ নতুন মাধ্যম হৈ পৰিছে ভাৰাঘৰৰ বিজ্ঞাপন৷ অনা-অসমীয়াৰ পৰা অধিক ভাৰা পোৱাৰ আশাত সৰ্বস্ব হেৰুৱাইছে অসমৰ শতাধিক পৰিয়ালে৷ বিগত চাৰিদিনৰ ভিতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আমি লাভ কৰিছোঁ OLXত বিজ্ঞাপন দি সৰ্বস্বান্ত হোৱা শতাধিক পৰিয়ালৰ খবৰ৷
প্ৰতাৰণাৰ সকল কৌশল পুৰণি হোৱাৰ পিছত ঠগে অৱলম্বন কৰিছে নতুন পদ্ধতি৷ যদি এতিয়া চহৰাঞ্চলৰ যিকোনো ঘৰ ভাৰাৰ বাবে খালী হৈ আছে বুলি OLXত গৰাকীয়ে বিজ্ঞাপন দিছে তেন্তে এঘণ্টাৰ পিছতে লাভ কৰিছে হিন্দীভাষীৰ ফোন৷
বাৰ্তালাপৰ সময়ত প্ৰবঞ্চকে নিৰ্দিষ্ট এলেকাৰ বেংকলৈ বদলি হোৱা বুলি কৈ ভাৰাঘৰ বিচাৰে৷ তাৰ পিছতে হোৱাটছএপত পঠিয়াই দিয়ে নিজৰ আধাৰ আৰু পেন কাৰ্ড৷
লগে লগে আপুনি বিচৰা আগধনো প্ৰেৰণ কৰা বুলি ঘৰৰ গৰাকীক জনাই দিয়ে প্ৰতাৰকে৷ ঠিক তেতিয়াই একাউণ্টত পইচা সোমোৱাৰ এছ এম এছো আপোনাৰ গৰাকীয়ে লাভ কৰে৷
তাৰ পিছতে অধিক পৰিমাণৰ ধন ভুলতে প্ৰেৰণ কৰা বুলি কৈ অতিৰিক্ত পইচা ঘূৰাই বিচাৰে প্ৰবঞ্চকে৷ কিন্তু তেতিয়াই লাগে আউল৷
আচলতে প্ৰতাৰকে এটকাও ঘৰৰ মালিকলৈ প্ৰেৰণ নকৰে৷ কিন্তু বেংকে প্ৰেৰণ কৰাৰ আৰ্হিত এটা নকল এছ এম এছ প্ৰেৰণ কৰে৷
ফলত গৰাকীয়ে ভুলতে নিজৰ একাউণ্টৰ ধনেই প্ৰতাৰকক গতাই দিবলগীয়া হয়৷ যোৱা চাৰিদিনৰ ভিতৰত অসমত এনে শতাধিক ঘটনা সংঘটিত হৈছে৷ ঘৰৰ মালিকে বহিৰাগতৰ পৰা অধিক ভাৰা পোৱাৰ লোভত হেৰুৱাইছে ধন৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email