আকৗ পক্ষ সলনিৰ দিশে নীতিশ

একেঠাইতে থাকিব নোৱাৰে নীতিশ কুমাৰ৷ সেয়ে NDAত থাকিও আমনি লাগিছে বিহাৰৰ মুখ্যমন্ত্ৰীৰ৷ গতিকে ৰাজনৈতিক পথ নতুনকৈ নিৰ্ধাৰণৰ সিদ্ধান্ত লৈছে নীতিশে৷
শীঘ্ৰে যে নীতিশে বিজেপিৰ সংগত্যাগ কৰিব তাৰে উমান দিছে সাম্প্ৰতিক পৰিস্থিতিয়ে৷ বিশেষকৈ এনকাউণ্টাৰক কেন্দ্ৰ কৰি বিহাৰৰ ৰাজনীতি ওলট-পালট হৈছে৷
বিহাৰ চৰকাৰৰ সহযোগী বিজেপিয়ে প্ৰৱৰ্তন কৰিব বিচাৰিছিল উত্তৰ প্ৰদেশ মডেল৷ অপৰাধীক এনকাউণ্টাৰ কৰিবলৈ মুখ্যমন্ত্ৰীক হেঁছা দিছিল বিজেপিয়ে৷ কিন্তু নীতিশে সেই দাবী গ্ৰাহ্য নকৰিলে৷
গৃহমন্ত্ৰী হিচাপে তেওঁ পুলিচক নিদিলে এনকাউণ্টাৰৰ অধিকাৰ৷ তাৎপৰ্যপূৰ্ণভাৱে নীতিশক সমৰ্থনো কৰিছে পূৰ্ব মিত্ৰদল আৰ জে ডিয়ে৷ লালুপ্ৰসাদ যাদৱৰ দলটোৱে নীতিশৰ স্থিতিৰ প্ৰশংসা কৰিলে৷ তাৰ পিছতে নীতিশ আৰু লালুৰ মাজত অনুষ্ঠিত হ’ল আলোচনা৷
আনহাতে শেহতীয়াকৈ নীতিশে অনুষ্ঠিত কৰিছিল এখন চৰকাৰী বৈঠক৷ উক্ত সভাত বিহাৰৰ পথৰ বিষয়ে আলোচনা কৰা হৈছিল৷
কিন্তু সভাখনলৈ নিমন্ত্ৰণ কৰা নহ’ল ৰাজ্যখনৰ গড়কাপ্তানি মন্ত্ৰী বিজয় সিনহাক৷ উপ-মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰি থকা বিজয় সিনহাক নীতিশে দেখ দেখকৈ অপমান কৰিলে৷
গতিকে স্পষ্ট হৈ পৰিছে নীতিশৰ স্থিতি৷ ভৱিষ্যতৰ ৰাজনৈতিক সুৰক্ষাৰ বাবেই যে নীতিশে বিজেপিক অৱজ্ঞা কৰিছে সেয়াও প্ৰতিপন্ন হৈ পৰিছে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email