ADREৰ সময়ত অসমত সংঘটিত হৈছে পানী কেলেংকাৰি৷ চাকৰিপ্ৰাৰ্থীৰ পিয়াহৰ পানীটোপাও কাঢ়ি নিছে লুভীয়া চৰকাৰী কৰ্মচাৰীয়ে৷
যিহেতু গোপনীয়তাৰ খাতিৰত এইবাৰ পৰীক্ষাহলত বটল নিষিদ্ধ কৰা হৈছে সেয়ে চৰকাৰীভাৱে যোগান ধৰা হৈছে পানী৷ অলপতে অনুষ্ঠিত পৰীক্ষাতো পৰীক্ষাকেন্দ্ৰৰ ভিতৰত পানী দিয়া হৈছিল চাকৰিপ্ৰাৰ্থীক৷
কিন্তু চৰকাৰীভাৱে যোগান ধৰা পানী ৯০ শতাংশ পৰীক্ষাৰ্থীয়েই পান কৰিব নোৱাৰিলে৷ আমি ২৮ খন জিলাৰ পৰা লাভ কৰা খবৰ অনুসৰি পৰীক্ষাকেন্দ্ৰত চাকৰিপ্ৰাৰ্থীক দিয়া হৈছিল দমকলৰ পানী৷
আইৰনৰ গোন্ধযুক্ত জল উৎকট গৰমসত্ত্বেও সেইদিনা প্ৰায়সংখ্যকেই পান কৰিব নোৱাৰিলে৷ পৰিণতিত ভোকে-পিয়াহে পৰীক্ষা দিবলগীয়া হ’ল ৯০ শতাংশ চাকৰিপ্ৰাৰ্থীয়ে৷
পুৱাৰ পৰা নিৰাপত্তাৰ নামত পৰীক্ষাকেন্দ্ৰৰ চাৰিসীমাত বন্দী হৈ থকা যুৱক-যুৱতীক ফিল্টাৰৰ পানী এটুপি যোগান ধৰাৰ নামত দিয়া ধনো প্ৰায়বোৰ পৰীক্ষাকেন্দ্ৰৰ কৰ্মচাৰীয়ে আত্মসাৎ কৰিলে৷ গতিকে এই প্ৰসংগত দিয়া হৈছিল অভিযোগ৷
কিন্তু আকৗ ADR পৰীক্ষাৰ দিন চমু চাপি অহাৰ সময়ত চলিছে পানী কেলেংকাৰি প্ৰস্তুতি৷ বিশেষ সূত্ৰৰ পৰা আমি লাভ কৰা খবৰ অনুসৰি প্ৰতিটো পৰীক্ষাকেন্দ্ৰক শিক্ষাৰ্থীৰ পানী যোগান ধৰিবলৈ যোগান ধৰা হৈছিল ১০ হাজাৰকৈ টকা৷
কিন্তু সেই ধনৰ আধাও খৰচ নকৰাকৈ পৰীক্ষা পাতিলে বিভিন্ন কেন্দ্ৰই৷