ৰৈ নাযায় অসম চৰকাৰৰ বুলড’জাৰ৷ গোৱালপাৰাৰ বান্দৰমাথাৰ পিছত অশ্বমেধৰ ঘোঁৰাৰ দৰে দৗৰিব চৰকাৰৰ বুলড’জাৰে৷ ইতিমধ্যে সোণাপুৰৰ কচুতলি প্ৰায় থালী কৰাৰ পিছত বঙাইগাওঁ, বৰপেটা আৰু গোলাঘাটত বুলড’জাৰ চলিব৷
প্ৰাচীন কালত কোনো সম্ৰাটে ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ অনুষ্ঠিত কৰিছিল অশ্বমেধ যজ্ঞ৷ অপৰাজিত ঘোঁৰাৰে নিজৰ শক্তি পৰীক্ষা কৰিছিল পৌৰাণিক কালৰ সম্ৰাটে৷ ঠিক সেইদৰেই আধুনিক চৰকাৰে আৰম্ভ কৰিছে বুলড’জাৰ যজ্ঞ৷
আমি লাভ কৰা তথ্য অনুসৰি দিছপুৰত পূজা-পাতলৰ পাছত এৰি দিয়া বুলড’জাৰ চলিব উজনি অসমতো৷ শীঘ্ৰে গোলাঘাটৰ মিকিৰচাং পাহাৰত উচ্ছেদ কৰা হ’ব৷
এজন যুৱ কংগ্ৰেছীয়ে মিকিৰচাং পাহাৰ দখল কৰি ৰবৰ বাগান স্থাপন কৰাৰ তথ্য চৰকাৰে লাভ কৰিছে৷ মিকিৰচাং পাহাৰত চাহ বাগিচাৰ উপৰি উক্ত যুৱ কংগ্ৰেছীয়ে স্থাপন কৰিছে মিঞা বস্তি৷
উচ্ছেদৰ খবৰ পোৱাৰ পিছতে কংগ্ৰেছ নেতাজনে কেইঘৰমান খিলঞ্জীয়াকো পাহাৰত সংস্থাপিত কৰিছে৷ উচ্ছেদ কৰিলেই যাতে খিলঞ্জীয়াক অত্যাচাৰৰ খবৰ প্ৰকাশ পাই সেয়ে তেওঁ নিঞ্জা টেকনিক গ্ৰহণ কৰিছে৷
কিন্তু তথাপি ৰৈ নাযায় চৰকাৰৰ বুলড’জাৰ৷ গোলাঘাটৰ উপৰি সৰ্বত্ৰ চলিব বুলড’জাৰ যজ্ঞ৷