কালি নিশা সপোনত কিবা জন্তু এটা দেখিছিল নেকি? হাতী, ঘোঁৰা, বাঘ, ভালুক কিবা দেখিছিল যদি গুৱাহাটীৰ পল্টন বজাৰৰ ৰামু, হাতীগাঁৱৰ নাইচকা, ফটাশিলৰ অজয়ৰ সৈতে যোগাযোগ কৰক৷ তেওঁলোকে আপোনাক সপোনৰ পম খেদি দি দিব পাৰিব অজস্ৰ টকা৷ অৱশ্যে আমি লোৱা নামকেইটা গুৱাহাটীৰ বিশিষ্ট ব্যক্তিৰ নহয়৷ অথবা এইসকলৰ কাষ চাপিলে আপোনালোকক পুলিচেও ধৰিব পাৰে৷ কিন্তু সচৰাচৰ পুলিচে নধৰে, কাৰণ মহানগৰ আৰক্ষীক এইসকলে কমিশ্যন দিয়ে৷ গুৱাহাটী বৰ্তমান হৈ পৰিঠে তীৰৰ ঘাটী৷ সত্য কথাটো হৈছে, ট্ৰেডিঙৰ বাবে আনৰ জৰিয়তে ধন বিনিয়োগ কৰি বহুতে পইচা পাই আছিল৷ কিন্তু শেহতীয়া কেলেংকাৰি উদঘাটন হোৱাৰ পিছত ট্ৰেডিং ভয়ৰ কাৰণ হৈ পৰিল৷ গতিকে তীৰতে ধন বিনিয়োগ কৰিছে শতাধিক লোকে৷
আনহাতে আমি ওপৰত কোৱা নামকেইটাই আকৌ তীৰৰ বজাৰ কণ্ট্ৰ’ল নকৰে৷ তেওঁলোকৰ ওপৰৱালা হৈছে সঞ্জয়, ডিম্পু, ৰাজু, ভৱেশ আদি৷ আকৌ ঠায়ে ঠায়ে তীৰৰ বেলেগ বেলেগ মাফিয়াও আছে৷ যেনে লখৰাত আছে সঞ্জয়, গড়চুকত আছে সুৰেশ আৰু কুশল, তেতেলিয়াত অৰ্পণ, গণেশপাৰাত কৃপাঞ্জল, ঘোঁৰামাৰাত ওমৰ আদি৷
এই সকলৰ ওপৰতো আকৌ বছ আছে৷ বৰ্তমান অৱশ্যে তীৰ খেলাৰ কৌশলো সলনি হৈছে৷ সম্প্ৰতি হোৱাটছএপৰ মাধ্যমেৰে লাকী নম্বৰ প্ৰেৰণ কৰা হয়৷ যাৰ ভিত্তিত নম্বৰ কাটি ধন উপাৰ্জন কৰে গ্ৰাহকে৷
এদিনৰ তীৰখেলতে লেনদেন হয় কোটিৰ ঘৰত টকা৷ ইয়াৰ ভাগ পাই আকৌ গুৱাহাটীৰ কেইজনমান পুলিচ বিষয়াই৷ মুখ্যমন্ত্ৰীৰ কথা নামানি গুৱাহাটীৰ পুলিচ বিষয়াই কালেকশ্যন কৰাৰ খবৰ বৰ্তমান সত্য প্ৰমাণিত হৈছে৷