আদালততো প্ৰমাণিত হ’ল বীৰাৰ সত্য!

বীৰা পুহিছিল বাবে বাচিল, অন্যথা প্ৰাণহানি আছিল নিশ্চিত৷ নিজেই এই কথাটো কৈছিল প্ৰয়াত ভূমিধৰ বৰ্মনে৷ একালত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰা বৰ্মন আছিল আলফাৰ ঘোৰশত্ৰু৷ পৰেশ বৰুৱা নামটো শুনিলেও উচপ খাই উঠিছিল বৰ্মন৷
কিন্তু তিনিবাৰ হত্যাৰ চেষ্টা কৰিও আলফাই তেওঁক একোৱেই কৰিব নোৱাৰিলে৷ এবাৰটো বৰক্ষেত্ৰী সমষ্টিৰ এঘৰ লোকৰ কলগছৰ মাজত সোমাইহে বৰ্মনে কথমপি প্ৰাণৰক্ষা কৰিছিল৷ তথাপি এটা গুলীয়েও তেওঁক নোম এডালো লৰাব নোৱাৰিলে৷
প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ আক্ৰমণকাৰী হিচাপে সন্দেহ কৰা তিনি প্ৰাক্তন আলফা নেতাক শেহতীয়াকৈ আদালতে ৰেহাই দিছে৷ ১৮ বছৰীয়া বিচাৰৰ পিছত ন্যায়ালয়ে অভিযোগমুক্ত কৰিছে তিনি প্ৰধান অভিযুক্তক৷
পিছে এই ৰায়দানৰ কথা শুনিবলৈ এতিয়া নাই ভূমিধৰ বৰ্মন৷ তথাপি তেওঁ কিন্তু আলফাৰ আক্ৰমণৰ পৰা প্ৰাণৰক্ষাৰ কিটিপ তাহানিতে সকলোকে শিকাই থৈ গৈছে৷
নলবাৰীৰ একালৰ নেতাজনৰ মতে পুহি ৰখা বীৰাই আছিল আলফাৰ পৰা তেওঁক বচাই ৰখাৰ মূল কাৰণ৷ যেতিয়াই আলফাই গুলী ফুটাইছিল তেতিয়াই বীৰাই তেওঁৰ চৌপাশে সৃষ্টি কৰিছিল অভেদ্য দেৱাল৷ যাৰ ফলশ্ৰুতিত প্ৰতিটো গুলী উফৰি গৈছিল৷
এতিয়া সেই কাহিনীটো ব্যাখ্যা কৰিবলৈ ইহসংসাৰত ডাক্তৰ ভূমিধৰ নাই৷ কিন্তু ১৮ বছৰীয়া বিচাৰৰ পিছত আকৌ মনত পৰিছে তেওঁৰ বীৰাকেইটাৰ কথা৷ সম্ভৱত: দোষীক ইতিমধ্যে শাস্তি বিহিছে ভূমিধৰ বৰ্মনৰ বীৰাই৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email