অকলে অকলে মোদীৰ খোজ

সময়বোৰ কেনেকৈ সলনি হৈ গ’ল নৰেন্দ্ৰ মোদীয়েও ধৰিব নোৱাৰিলে৷ মাত্ৰ এটা নিৰ্বাচন সংখ্যাগৰিষ্ঠতা হেৰুওৱাৰ পিছতে ভীতিহীন হৈ পৰিল পূৰ্বৰ অনুগামীসকল৷
আগতে নৰেন্দ্ৰ মোদী বিদেশৰ পৰা আহিলেই ফুলৰ থোপা লৈ বিমান বন্দৰত ৰৈ থাকে কেবাজনো মন্ত্ৰী আৰু দলীয় কৰ্মী৷ বাধ্য ছাত্ৰৰ দৰে তেওঁলোকে বিদেশৰ পৰা অহাৰ পিছতে মোদীক সম্ভাষণ জনায়৷ বিমানৰ পৰা নমাৰ পিছতে মোদীক ঢোলে-দগৰে জনোৱা হয় আদৰণি৷
কিন্তু কালি মোদী আমেৰিকাৰ পৰা আহিল, কোনেও পিছে গুৰুত্বই নিদিলে৷ বাধ্য ছাত্ৰৰ দৰে তলমুৱা হৈ বিমান বন্দৰত লাইন পাতি থকা মন্ত্ৰীসকলেও মোদীক নজনালে আদৰণি৷
মাত্ৰ কেইজনমান চৰকাৰী বিষয়াই মোদীক আদৰণি জনালে৷ তেওঁলোকৰ উপস্থিতিতে বিমানৰ পৰা নামি গাড়ীত বহিল প্ৰধানমন্ত্ৰী৷
মুঠতে নিৰ্বাচনত সংখ্যাগৰিষ্ঠতাৰ হেৰুওৱাৰ পিছতে মোদীক যেন ভয় নকৰা হ’ল সতীৰ্থই৷ যিসকলে আগতে নিৰ্দেশ অবিহনে বিমান বন্দৰত গৈ লাইন পাতিছিল তেওঁলোকেও গুৰুত্ব নিদিয়া হ’ল মোদীক৷
এতিয়া মোদী পদবী ৰক্ষাৰ বাবে সহযোগী দলৰ ওপৰতে নিৰ্ভৰশীল৷ গতিকে তেওঁৰ নাই পূৰ্বৰ দৰে শক্তি৷ সেই কথাটো এতিয়া ভালদৰেই বুজিলে সতীৰ্থ মন্ত্ৰীয়ে৷ গতিকে অকলশৰীয়া হ’ল মোদী৷ ক’বলৈ গ’লে অপমানিত হ’ল নৰেন্দ্ৰ মোদী৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email