চুমি-বিশালহঁতৰ কোটিটকীয়া কথাবোৰ বাদ দিয়ক, এতিয়া নিজৰ কথা ভাবক৷
আপুনি কিছুদিনৰ পিছৰ পৰা ফাৰ্মাচীত সৰহীয়াকৈ ঔষধ কিনিলেও ডিছকাউণ্ট বিচাৰিব নোৱাৰিব৷ দৰৱৰ পাইকাৰী বিক্ৰী কৰা ফাৰ্মাচীত ঔষধ কিনি ১০ বা ১৫ পাৰ্চেণ্ট ৰেহাই লাভ কৰাৰ আশা আৰু নকৰিব৷ কিয়নো অসমৰ দৰৱ বিক্ৰেতাই ডিছকাউণ্ট বন্ধ কৰিবলৈ সিদ্ধান্ত লৈছে৷ সকলো ব্যৱসায়ীয়ে একগোট হৈ বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ডিছকাউণ্ট৷ গতিকে হোলছেল দোকানত মাহিলী প্ৰয়োজনীয় ঔষধ ক্ৰয় কৰিলেও ডিছকাউণ্ট নাপাব৷ আনহাতে কোনোবাই কোটিটকা আত্মসাৎ কৰাৰ খবৰ ওলাই থকাৰ সময়তে হোৰাহোৰে বাঢ়িছে দৰৱৰ দাম৷ চকু চাফা কৰা আইড্ৰ’পৰ তিনিমাহৰ পূৰ্বে দাম আছিল ১০৫ টকা৷ কিন্তু কিছুদিনৰ পিছতে দাম বাঢ়ি হ’লগৈ ১১৮ টকা৷ চেলাইন দিয়াৰ বাবে ব্যৱহৃত কেনুলাৰ এবছৰ আগলৈ দাম আছিল ৭৬ টকা৷ সেই দাম বঢ়াই ২২৫ টকা কৰিছিলগৈ উৎপাদনকাৰীয়ে৷ কিন্তু এতিয়া কেনুলাৰ দাম হৈছেগৈ ৩০০ টকা৷ চেলাইন দিয়াৰ বাবেই প্ৰয়োজনীয় পাইপ অৰ্থাৎ ড্ৰিপছেটৰ দামো ৫০ টকাৰ পৰা ডেৰশ টকা হ’লগৈ৷ একেদৰে ৰোগীক প্ৰস্ৰাৱ কৰাবলৈ প্ৰয়োজনীয় কেথেটাৰ আৰু প্লাষ্টিকৰ বেগটোৰ দামো তিনিমাহৰ ভিতৰতে ২০ শতাংশ বৃদ্ধি হ’ল৷ আনহাতে চৰকাৰে চলাই আছে সৰ্পদংশনৰ সজাগতা৷ কিন্তু ব্যক্তিগত হাস্পতালত এণ্টিভেনম লোৱাও দৰিদ্ৰৰ বাবে সম্প্ৰতি সম্ভৱ নহয়৷
তিনিমাহৰ আগলৈ ৪৫০ টকাত উপলব্ধ এণ্টিভেনমৰ বৰ্তমানৰ দাম প্ৰায় ৭০০ টকা৷ গতিকে কথাবোৰ ভাবক৷ বিশাল-চুমিৰ কথা চিন্তা কৰিবলৈয়ো এৰক৷
অসমীয়াই আৰু বেপাৰ কৰিব নোৱাৰে৷ গতিকে এমাহৰ ভিতৰত বন্ধ হৈ গৈছে অসমৰ গ্ৰামাঞ্চলৰ শতাধিক ফাৰ্মাচী৷ ঔষদৰ দাম যিমানে বাঢ়িছে সিমানে খিলঞ্জীয়া ব্যৱসায়ীৰ ফাৰ্মাচীত তলা লাগিছে৷ কম মূলধেনেৰে বেপাৰ কৰি থকা থলুৱা বেপাৰীয়ে লোকচান ভৰি ভৰি ফাৰ্মাচী বন্ধ কৰিবলৈ বাধ্য হৈছে৷
বিভিন্ন ঠাইত ফাৰ্মাচী বন্ধ কৰাৰ কাৰণ হৈছে ঔষধৰ দামবৃদ্ধি৷ দৰৱৰ দাম যিমানে বাঢ়িছে সিমানে বিকল্পৰ সন্ধান কৰিছে গ্ৰাহকে৷ ৰেহাইৰ বাবে ফাৰ্মাচীৰ সলনি অনলাইনৰ জৰিয়তে ক্ৰেতাই দৰৱ ক্ৰয় কৰিছে৷
ৰিলায়েন্স, টাটা আদি বহুজাতিক প্ৰতিষ্ঠানৰ দৰৱৰ ব্যৱসায়ে বৃহৎ ডিছকাউণ্টসহ ঔষধ বিক্ৰী কৰিছে৷ নিৰ্দিষ্ট মোবাইল এপত অৰ্ডাৰ দিয়াৰ পিছতে গ্ৰাহকে ৰেহাই দামতে লাভ কৰিছে দৰৱ৷
কিন্তু গ্ৰামাঞ্চলৰ সৰু ফাৰ্মাচীৰ গৰাকীয়ে পৰাপক্ষত দৰৱত সিমান ডিছকাউণ্ট দিব নোৱাৰে৷ কম মূলধনেৰে ব্যৱসায় কৰি থকা বেপাৰীয়ে ডিলাৰৰ পৰাও কিনে তাকৰীয়া দৰৱ৷
গতিকে তেওঁলোকে অনলাইন প্ৰতিষ্ঠানৰ সমান ৰেহাই দিয়াটো অসম্ভৱ৷ সেয়ে সৰু ব্যৱসায়ীৰ ফাৰ্মাচীত বিক্ৰী নোহোৱা হৈছে৷
ঔষধৰ দাম বঢ়াৰ ফলত অসমত একমাত্ৰ লাভৱান হৈছে বৃহৎ মূলধন খটুৱাই বেপাৰ কৰি থকা লোকসকল৷ আনহাতে অসমৰ দৰে ৰাজ্যত কোনো ঠাইতে বৃহৎ ফাৰ্মাচী বা দৰৱৰ ডিলাৰৰ মালিক অসমীয়া ব্যৱসায়ী নহয়৷
গতিকে দৰৱ ব্যৱসায়ৰ মুদা মৰিছে থলুৱা ব্যৱসায়ীৰ৷ দৰৱৰ বেপাৰো ১০০ শতাংশই দখল কৰিছে মাৰোৱাৰীৰ ডিলাৰে৷