বৰষাই অনুৰাগীক দিব ভাল খবৰ

টোকোৰা চৰাইৰ দৰে কূটা কঢ়িয়াই কঢ়িয়াই সোণৰ সংসাৰখন গঢ়িছে বৰষাৰাণী বিষয়াই৷ স্বামী ভাস্কৰৰ সৈতে বৰষাই অতিবাহিত কৰিছে স্বপ্নময় দিন৷ অসমীয়া চিনেমাৰ ড্ৰীমগাৰ্ল বৰষাই কিন্তু দিবলৈ ওলাইছে এটা সুখৰ খবৰ৷
তিক্ত অতীতক পাহৰি নতুন জীৱন আৰম্ভ কৰা বৰষাৰাণীয়ে শীঘ্ৰে অৰ্জন কৰিব মাতৃত্ব৷ অনুৰাগীক আওপকীয়াকৈ এই খবৰটো ফে’চবুকৰ মাধ্যমেৰে বৰষাই প্ৰদান কৰিছে৷
অন্তঃসত্ত্বা বৰষাৰাণী বিষয়া সম্প্ৰতি ঘৰতে ব্যস্ত হৈ আছে৷ আহিবলগীয়া আলহীক সুস্থ কৰি ৰাখিবলৈ কৰ্মব্যস্ততাও কমাই দিছে ড্ৰীমগাৰ্ল বৰষাই৷
গুৱাহাটীতে জিৰণিৰ দিন কটোৱা বৰষাই সম্ভৱতঃ অহাবছৰলৈ অনুৰাগীক দিব সুসংবাদ৷ ২০২৫ৰ প্ৰথমভাগতে তেওঁ মাতৃত্ব অৰ্জন কৰিব বুলি জনাইছে বৰষাৰ বন্ধুমহলে৷
অৱশ্যে এতিয়াও সম্পূৰ্ণ জিৰণি লোৱা নাই বৰষাই৷ চিনেমাৰ কামত অদ্যপি ব্যস্ত হৈ আছে অভিনেত্ৰীগৰাকী৷ পিতৃ অশোক কুমাৰ বিষয়াই নিৰ্মাণ কৰা যৌৱনে আমনি কৰেৰ ছুকুৱেৰ কামতো ব্যস্ত থাকিবলগীয়া হৈছে বৰষা৷
গৰ্ভাৱস্থাতো তেওঁ কৰি আছে চিনেমাৰ কাম৷ তাৰ মাজতে প্ৰতিযো পলৰ খবৰ অনুৰাগীক দিছে বৰষাই৷ কিন্তু মাতৃ হোৱাৰ বাবে প্ৰস্তুত হৈছে ড্ৰীমগাৰ্ল বৰষা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email