যোৰহাটৰ অসম গ্ৰামীণ বিকাশ বেংকৰ লাহদৈগড় শাখাত খবৰ কৰিলেই গম পাব৷ পৱিত্ৰ ভাদত ঢেকিয়াখোৱা বৰনামঘৰ কৰ্তৃপক্ষৰ উপাৰ্জন হ’ল প্ৰায় ৩২ কোটি টকা৷ ভক্তৰ দানৰ জৰিয়তে এমাহৰ ভিতৰতে নামঘৰৰ একাউণ্টত কেবাকোটি টকা জমা হ’ল৷
প্ৰথমে কৈ লওঁ, এই প্ৰতিবেদন সমালোচনাৰ বাবে নহয়
সনাতনধৰ্মী অসমীয়াৰ বাবে পৱিত্ৰ ধৰ্মীয় স্থানত ভাদমহীয়া হৈছিল অভূতপূৰ্ব জনসমাগম৷ পূৰ্বৰ দৰেই এইবাৰো ৰাইজে দান হিচাপে আগবঢ়াইছিল সহস্ৰাধিক দবা, শংখ, খোল, তাল, সোণ-ৰূপৰ ফুল আদি৷ তদুপৰি লাখে লাখে নাৰিকল, কুইণ্টলৰ হিচাপত বুট-মগুও ঢেকিয়াখোৱা বৰনামঘৰৰ গুদামত আছে৷
তদুপৰি এইবাৰ পূৰ্বতকৈ অধিক মাত্ৰাত দক্ষিণা উপাৰ্জন কৰিছে নামঘৰ কৰ্তৃপক্ষই৷ দানপাত্ৰত ৰাইজে ভৰাই দিয়া ধন বস্তাতহে নামঘৰৰ ভিতৰলৈ নি সদায়ে গণনা কৰে কৰ্তৃপক্ষই৷ তাৰ পিছত সেই ধন নিয়া হয় লাহদৈগড়স্থিত গ্ৰামীণ বিকাশ বেংকলৈ৷
ভাদ মাহৰ প্ৰত্যেক দিনাই বেংকটোৰ নিৰ্দিষ্ট একাউণ্টত জমা হৈছিল ভক্তই দিয়া ধন৷ সেইসূত্ৰে বৰ্তমানলৈ এমাহতে ঢেকিয়াখোৱা বৰনামঘৰে ৩২ কোটি টকা আয় কৰা বুলি ঠাৱৰ কৰিছে সমৰ্থিত সূত্ৰই৷
অৱশ্যে ধনৰাশি অধিক হোৱাৰো সম্ভাৱনা আছে৷ কিয়নো এতিয়াও বেংকত জমা হোৱা নাই ভাদমাহত সংগৃহীত মুঠ ধনৰাশি৷ গতিকে এমাহতে কৰ্তৃপক্ষৰ উপাৰ্জন প্ৰায় ৪০ লাখ টকালৈ বৃদ্ধিৰ সম্ভাৱনা আছে৷
তদুপৰি গোঁসাইৰ কাপোৰত লগাবলৈ ভক্তই দান দিছে লক্ষাধিক টকা মূল্যৰ সোণ-ৰূপৰ ফুল৷