ভাদতে পথাৰত কঠিয়াই গেঁৰ ধৰে৷ ক্ৰমে সোণোৱালী বৰণ লয় কৃষকৰ সপোনে৷ ভাদৰ গেঁৰ মেলা ধান দেখিয়েই খেতিয়কে কয়- এইবেলি ধান ভাল হ’ব
কিন্তু এইবেলি দুৰ্ভিক্ষৰহে উমান দিছে বতৰে৷ অসম দেশত খাদ্যসংকট হোৱাৰ সংকেত দিছে উৎকট গৰমে৷
বৰ্তমান উৎকট ৰ’দে শুকুৱাই পেলাইছে পথাৰৰ পানী৷ ৰ’দে পুৰি পেলাইছে ধানগছ৷ সচৰাচৰ আহিনত পথাৰে সোণোৱালী বৰণ ধৰে৷ কিন্তু এইবাৰ লাহে লাহে পথাৰত ফাট মেলিছে৷
উজনি-নামনি সৰ্বত্ৰ এজাক বৰষুণলৈ অপেক্ষা কৰি কৰি ভাগৰি পৰিছে খেতিয়ক৷ শ্ৰমৰ উপৰি ধনো খৰচ কৰি ৰোৱা মাটিডৰাত এতিযা পানীয়েই নোহোৱা হৈ পৰিছে৷ গেঁৰ ধৰা ধানৰ প্ৰাণসঞ্চাৰৰ সময়ত পথাৰ শুকাই কৰ্কৰিয়া মাৰিছে৷
যদি শীঘ্ৰে বৰষুণ নহয় তেন্তে অহাবাৰলৈ অসমত দুৰ্ভিক্ষ হোৱাটো অনিবাৰ্য৷ নাতিশীতোষ্ণ প্ৰাকৃতিক পৰিৱেশত সচৰাচৰ আহিন সোমোৱাৰ পিছতে এজাক বৰষুণ হয়৷
ভাদতো গৰমক হৰুৱাই থৈ যায় এজাক মৃদু বৰষুণে৷ কিন্তু এইবেলি বৰ্তমানলৈ বৰষুণৰ নামত আকাশৰ পৰা পানী এটোপো পৰা নাই৷ ফলশ্ৰুতিত সূৰ্যদেৱতাই দহন কৰিছে অসমৰ ৰাইজক৷
ধানখেতিত পানীৰ অভাৱৰ ফলত কিন্তু আহি আছে ভয়ংকৰ দিনবোৰ৷ গতিকে ৰাইজ সাজু হোৱাই ভাল৷