আচৰিত কথা,
শ্বপিং মলত আচম্বিতে ভিৰ বাঢ়িছে৷ চহৰৰ মছজিদতো বৃদ্ধি পাইছে নামাজ পঢ়িবলৈ যোৱা লোকৰ সংখ্যা৷ আনসময়ত কেতিয়াও নামাজ পঢ়িবলৈ নোযোৱাসকলো মছজিদলৈ গৈছে৷ বজাৰতে ঘৰুৱা কাপোৰ কিনা মানুহো সোমাইছে শ্বপিং মলত৷
কিন্তু ভিৰ বাঢ়িলেও শ্বপিং মলৰ বিক্ৰী বৃদ্ধি পোৱা নাই৷ গুৱাহাটীৰ এখন শ্বপিং মলৰ কৰ্তৃপক্ষৰ তথ্য অনুসৰি গ্ৰাহকৰ সমাগম বাঢ়িছে, কিন্তু ৪০ শতাংশ লোকে কিনা নাই এপদো সামগ্ৰী৷
তেন্তে কিয় শ্বপিং মলত সোমাইছে এইসকল লোক!
কিন্তু হঠাতে শ্বপিং মল অথবা মছজিদত ভিৰ বৃদ্ধিৰ কাৰণ আছে৷ মলৰ কৰ্তৃপক্ষয়েই প্ৰকাশ কৰিছে ভিৰৰ আঁৰৰ ৰহস্য৷
তেওঁলোকৰ মতে উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আগতে নোসোমোৱা লোকো শ্বপিং মলত সোমাইছে৷ তেওঁলোকৰ উদ্দেশ্য কিন্তু বজাৰ কৰা নহয়৷ শ্বপিং মলত তেওঁলোকৰ প্ৰৱেশৰ উদ্দেশ্য হৈছে ACৰ ঠাণ্ডা বতাহ খোৱাহে৷
যিমানে উৎকট গৰমে পীড়িছে, সিমানে মলৰ ACৰ বতাহ খায়েই দেহা শীতল কৰি ৰাখিবলৈ বুদ্ধি পাঙিছে এচাম লোকে৷ বহু প্ৰেমাস্পদে এপদ সামগ্ৰী কিনিয়েই শীতল পৰিৱেশত কটাইছে দীৰ্ঘ সময়৷
একেদৰে দুপৰীয়াৰ উৎকট ৰ’দৰ সময়ত মছজিদতো বাঢ়িছে নামাজ আদায় কৰা লোকৰ সংখ্যা৷ আগতে মছজিদলৈ নগ’লেও তেওঁলোকে গৰমৰ প্ৰকোপতে পঢ়িছে নামাজ৷
বহুতে আকৌ ATMৰ বুথত সোমায়ো দেহা জুৰ পেলাইছে৷ মুঠতে গৰমৰ বাবে ঠায়ে ঠায়ে বাঢ়িছে ভিৰ৷