মাজে মাজে জঁক উঠি আন্দোলন কৰিলেও লুভীয়া অসমীয়াই মাটি বেচিছে মাৰোৱাৰীক৷ দুগুণ দাম পোৱাৰ আশাত মাৰোৱাৰীক পৈত্ৰিক সম্পত্তি চমজাই দিছে অসমৰ গ্ৰামাঞ্চলৰ লোকেও৷ চহৰৰ সকলো ভূমিতে কব্জা কৰাৰ পিছত এতিয়া গাঁৱৰ মাটিলৈ মন মেলিছে মাৰোৱাৰীয়ে৷
বিশ্ব বাঁহ দিৱসত নানা অনুষ্ঠানৰ সময়তে আমি লাভ কৰিছোঁ গ্ৰামাঞ্চলত মাৰোৱাৰীৰ আগ্ৰাসনৰ তথ্য৷ বিশেষকৈ খিলঞ্জীয়াৰ আন্দোলনৰ সূত্ৰপাত ঘটা উজনি অসমতে মাৰোৱাৰী ব্যৱসায়ীৰ মাটি ক্ৰয়ৰ প্ৰতিযোগিতাই সকলোকে স্তম্ভিত কৰি তুলিছে৷
পূৰ্বে কেৱল নগৰীয়া এলেকাৰ মাটিলৈহে লোভ কৰা মাৰোৱাৰী বেপাৰীয়ে ভৱিষ্যতৰ কথা ভাবি কিনিবলৈ লৈছে শিৱসাগৰৰ ভিতৰুৱা এলেকাৰ পথৰুৱা মাটি৷ জিলাখনৰ প্ৰায় ৪০ শতাংশ বাঁহনি ইতিমধ্যে মাৰোৱাৰীয়ে ক্ৰয় কৰিছে৷
একেখন ছবি দৃষ্টিগোচৰ হৈছে ডিব্ৰুগড়ত৷ জিলাখনৰ লাহোৱাল, ৰাজগড় আদি এলেকাতো হোৰাহোৰে মাটি কিনিছে মাৰোৱাৰীয়ে৷ সচৰাচৰ গ্ৰাহকৰ তুলনাত অধিক ধন দিয়াৰ বাবে মাৰোৱাৰী গ্ৰাহকক সহজে পথৰুৱা মাটি বিক্ৰী কৰি দিছে অসমীয়াই৷
যোৰহাট আৰু গোলাঘাটৰ গ্ৰামাঞ্চলতো সোমাইছে মাৰোৱাৰী বেপাৰী৷ হাতত টকাৰ বাণ্ডিল লৈ গঞাৰ পৰা পথাৰ কিনিছে মাৰোৱাৰীয়ে৷
মুঠতে চহৰীয়া এলেকাৰ পিছত অসমীয়াৰ দখলৰ পৰা ওলাই গৈছে গাঁৱৰ মাটিও৷ সৰ্বত্ৰ টকা ঢালিছে মাৰোৱাৰীয়ে৷