আকৌ অভিশপ্ত হ’ল কংগ্ৰেছ!

এটা সাংঘাটিক বেয়া কাম কৰি দিলে ভূপেন বৰাই৷ অৰুণোদয়ৰ সলনি ন-লখিমী আঁচনি ঘোষণা কৰি ভুল কৰিলে ভূপেন বৰাই৷ অসমত কেনেবাকৈ কংগ্ৰেছ চৰকাৰ গঠিত হ’লেই মহিলাসকলক ন-লখিমীৰ অধীনত ধন দিয়াৰ ঘোষণা কৰি অমংগলকহে মাতিলে ভূপেনে৷
২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূ্ৰ্বে ৰাহুল গান্ধীয়ে কৰিছিল এটা বিশেষ ঘোষণা৷ তেওঁ ন্যায় নামৰ আঁচনিৰ অধীনত নিবনুৱাক মাহিলী ৬ হাজাৰকৈ টকা জলপানি দিয়াৰ অংগীকাৰ কৰিছিল৷ পিছে ন্যায়েই কংগ্ৰেছৰ বাবে বিপজ্জনক হৈ পৰিল৷ সেইবাৰ নিৰ্বাচনত সৰ্বাধিক ব্যৱধানত কংগ্ৰেছ পৰাস্ত হৈছিল৷
অতীতৰ ভুলৰ পৰা কিন্তু শিকিলে ৰাহুলে৷ তেওঁ এইবাৰ নিৰ্বাচনৰ পূৰ্বে তেনে কোনো আঁচনিৰ কথা নক’লে৷ মাহিলী ৬ হাজাৰ টকা প্ৰদানৰ দৰে আঁচনি ঘোষণা নকৰাকৈয়ে এইবাৰ অধিক আসন পালে কংগ্ৰেছে৷
কিন্তু ভুলৰ পৰা নিশিকিলে ভূপেন বৰাই৷ কংগ্ৰেছৰ বাবে আগতীয়া ঘোষণা অভিশপ্ত বুলি জানিও ভুল কৰি পেলালে ভূপেনে৷
আনহাতে এতিয়া ন-লখিমী আঁচনিৰ প্ৰতিশ্ৰুতি দিয়া ভূপেন বৰাই হয়তো পাহৰি পেলালে তৰুণ গগৈৰ আমোলৰ কথা৷ মাজনী, মামনীকে ধৰি অহৰহ হিতাধিকাৰী সৃষ্টি কৰা আঁচনি প্ৰৱৰ্তন কৰি গগৈয়ে ৰাজকোষত সৃষ্টি কৰা হেঁচাৰ কথাও এবাৰো নাভাবিলে ভূপেনে৷
কিন্তু এটা কথা তেওঁ স্পষ্ট কৰি দিলে, আকৌ কংগ্ৰেছ জিকিলে ৰাজ্যত পূৰ্বৰ দৰেই আৰম্ভ হ’ব সুতা-কম্বলৰ লগতে ন-লখিমীৰ দৰে আঁচনি৷ দলটোৰ চৰকাৰে অসমত কোনো উৎপাদনমূলক পৰিকল্পনা গ্ৰহণ নকৰে৷ ৰাজকোষৰ ধনেৰেই কংগ্ৰেছে নতুন নতুন আঁচনি ঘোষণা যে কৰিব সেয়া ভূপেন বৰাই প্ৰমাণ কৰি দিলে৷
তেওঁৰ এই ঘোষণা কিন্তু কংগ্ৰেছৰ বাবে হিতে বিপৰীতহে হ’বগৈ পাৰে৷ কিয়নো প্ৰতিশ্ৰুতি কংগ্ৰেছৰ বাবে অভিশাপস্বৰূপ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email