অসম জ্বলি যাব পাৰে!

সেউজী দলিচাত নিয়ৰ পৰিল, শেৱালীও ফুলিল৷ পিছে শান্ত নহ’ল সূৰ্যদেৱতা৷ আহিনতো জেঠৰ দৰে জুই বৰষি সূৰুযে সবাকে দেখুৱাই দিলে ত্ৰাহি মধুসূদন৷
ভাদপৰ্যন্ত উৎকট গ্ৰীষ্মদাহৰ পিছত সকলোৱে কৰিছিল শীতৰ আগমনৰ প্ৰত্যাশা৷ কিন্তু তেনে নহ’ল, শৰতৰ আগমনিৰ পৰতো অব্যাহত থাকিল ভয়ংকৰ গ্ৰীষ্মপ্ৰবাহ৷ কমক চাৰি দিনে দিনে উত্তাপ বঢ়াই সূৰ্যদেৱতাই সকলোৰে শৰীৰ কৰি তুলিছে অৱসাদজৰ্জৰ৷
পূৰ্বে সচৰাচৰ অসমত পূৰ্বে ভাদৰ পৰা কোমল হৈ আহে ৰ’দ৷ শৰতত শেৱালী ফুলাৰ বতৰলৈ গৰম কমে৷
কিন্তু এইবেলি শীতে হেৰুৱালে বাটৰ আঁত৷ ফলত উদ্বেগজনক মাত্ৰাত বাঢ়িল আৰ্দ্ৰতা৷ ৰ’দৰ উত্তাপ ৩৭ ডিগ্ৰী ছেলছিয়াচ হ’লেও অনুভূত হৈছে ৪৫ ডিগ্ৰী গৰম৷
ডিব্ৰুগড়ত তাপমান যদি প্ৰায় ৩৫ ডিগ্ৰী ছেলছিয়াচ সকলোৱে ৪২ ডিগ্ৰী ছেলছিয়াছপৰ্যন্ত গৰম অনুভৱ কৰিছে৷ গুৱাহাটীতো ৰ’দে দহিছে জনতাক৷
অসমৰ সকলো জিলাতে একেখন ছবিয়েই দৃষ্টিগোচৰ হৈছে৷ পুৱাৰ পৰাই আৰম্ভ হোৱা চৌফলীয়া ৰ’দে বিধ্বস্ত কৰিছে জনজীৱন৷ ভাগৰুৱা ৰাইজে ঘৰতে সোমাই থাকিবলৈয়েই ইচ্ছা কৰিছে৷
পইতা ভাতেহে শান্তি দিয়াৰ বতৰত অসহনীয় হৈ পৰিছে গৰম৷ আগেয়ে শৰতৰ আগমনিকালত চুৱেটাৰ পিন্ধা জনতাই আহিনতো চলাবলগীয়া হৈছে দুখন ফেন৷ পুহতো গৰম নকমাৰে সংকেত দিছে বতৰে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email