এইবাৰ কিজানি মানিবই লাগিব!

আগতে গৰমৰ দিনত মাহিলী যদি খৰচ হৈছিল ২ হাজাৰ টকা, এতিয়া ব্যয় হৈছে ৬ হাজাৰ টকা৷ কাৰণ চৰকাৰে সংস্থাপন কৰিলে প্ৰি-পেইড স্মাৰ্ট মিটাৰ৷ বিভিন্ন অঞ্চলত ৰিচাৰ্জ কৰি সেৱা লাভৰ বাবে প্ৰি-পেইড মিটাৰ স্থাপন কৰি চৰকাৰে জনতাৰ পকেট কাটিলে৷
কিন্তু কাহিনী ইমানতে শেষ হোৱা নাই৷ এতিয়া এই প্ৰসংগত ৰাজনৈতিক দল আৰু বিভিন্ন সংগঠনে প্ৰতিবাদৰ পাতনি মেলাৰ পিছত ভুক্তভোগী জনতা জপিঁয়াই পৰিছে৷
কিন্তু পূৰ্বে উপভোক্তাৰ অধিকাৰৰ প্ৰসংগত মাত মাতিবলৈ আছিল গ্ৰাহক অধিকাৰ সুৰক্ষা সমিতি নামৰ সংগঠনটো৷ যাৰ নেতৃত্বত বহুকাল আছিল অধ্যাপক দেৱেন দত্ত৷ বিগত সময়ত প্ৰফুল্ল মহন্তৰ শাসনকালত চিলিণ্ডাৰৰ দাম চৰকাৰে ৪৫ টকাপৰ্যন্ত বৃদ্ধি কৰিছিল৷
কিন্তু দেৱেন দত্তৰ নেতৃত্বতে সৰৱ প্ৰতিবাদৰ পিছত সেও মানিবলৈ বাধ্য হৈছিল চৰকাৰ৷ ৰাজ্যিক কৰ হ্ৰাস কৰি হ’লেও ৰন্ধন গেছৰ দৰ হ্ৰাস কৰিবলৈ চৰকাৰ বাধ্য হৈছিল৷
পিঁয়াজ অথবা আন অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম কমাব নোৱাৰিলেও তৰুণ গগৈ চৰকাৰেও প্ৰতিবাদত সেও মানিছিল৷ কিন্তু বৰ্তমান আগৰ পৰিৱেশ নাই৷
জংগী আন্দোলন আৰম্ভ হোৱাৰ পিছতো চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে- স্মাৰ্ট মিটাৰ আৰু মেনুৱেল মিটাৰৰ মাজত কোনো পাৰ্থক্যই নাই৷ কিন্তু যদি পাৰ্থক্য নাই তেন্তে কিয় অযথা ধন খৰচ কৰি স্মাৰ্ট মিটাৰ বহুৱাই থকা হৈছে সেয়াও ৰহস্যৰ বিষয়৷
আনহাতে স্মাৰ্ট মিটাৰেই বোধহয় এনে এক প্ৰসংগ, যি উত্তাল আন্দোলনৰ বাটত বাৰম্বাৰ বাধাগ্ৰস্ত হৈছে৷ এই বিষয়টোকলৈ জাগৰণ সৃষ্টি হোৱাৰ সময়তে ধিঙৰ নিৰ্যাতন কাণ্ডই জনতাৰ মনোযোগ কাঢ়ি নিলে৷ তাৰ পিছত আহিল USTMৰ ফ্লাড জেহাদৰ প্ৰসংগ৷
তাৰ পিছত আহিল মিঞা খেদা আন্দোলনৰ চৰ্চা৷ শেষত চুমি বৰাৰ ট্ৰেডিং কেলেংকাৰিয়ে জনতাৰ আকৰ্ষণ কাঢ়ি নিলে৷ কিন্তু ছেগাচোৰোগাকৈ চলি থকা আন্দোলনে শেষত ধাৰণ কৰিছে জংগী ৰূপ৷
সচৰাচৰ গণপ্ৰতিবাদ অগ্ৰাহ্য কৰা বিজেপি চৰকাৰৰ সন্মুখত স্মাৰ্ট মিটাৰৰ প্ৰত্যাহ্বান থিয় হৈছে৷ লাহে লাহে স্মাৰ্ট মিটাৰ হৈ পৰিছে ৰাজনৈতিক প্ৰসংগ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email