তিনিবছৰীয়া হ’ব চৰকাৰৰ ম্যাদ

অসমৰ পৰৱৰ্তী চৰকাৰখনৰ ম্যাদ হ’ব মাত্ৰ তিনিবছৰ৷ ২০২৬ চনত নিৰ্বাচিত হ’বলগীয়া চৰকাৰনে কাৰ্যকাল পূৰ্ণ কৰিবলৈ সুবিধা নাপায়৷ ২০২৯ চনতে চৰকাৰৰ ম্যাদ ওকলি যাব৷ কাৰণ তাৰ পিছতে প্ৰৱৰ্তন হ’ব এক দেশ-এক নিৰ্বাচন নীতি৷
ইতিমধ্যে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ পেনেলে দাখিল কৰা প্ৰতিবেদনত কেবিনেটে অনুমোদন দিছে৷ তাৰ পিছতে প্ৰশস্ত হৈ পৰিছে এক দেশ-এক নিৰ্বাচনৰ পথ৷ নতুন নিয়ম কাৰ্যকৰী হোৱাৰ পিছত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হ’ব৷ তাৰ ১০০ দিনৰ পিছত হ’ব স্থানীয় নিৰ্বাচন৷
কোৱিন্দ পেনেলে প্ৰতিবেদনত ২০২৯ চনৰ পৰা সকলো নিৰ্বাচন একেলগে পাতিবলৈ পৰামৰ্শ প্ৰদান কৰিছে৷ আনহাতে অসমত বিধানসবাৰ পৰৱৰ্তী নিৰ্বাচন অনুষ্ঠিত হ’ব ২০২৬ চনত৷
সেয়ে নতুন নিয়ম কাৰ্যকৰী হ’লে অসম চৰকাৰৰ কাৰ্যকাল আধাতে শেষ হ’ব৷ ২০২৯ চনত লোকসভাৰ সমানে অনুষ্ঠিত হ’ব অসমৰ বিধানসভা নিৰ্বাচনো৷
এক দেশ-এক নিৰ্বাচনৰ ফলত ২০২৬ চনত বিজয় অৰ্জন কৰা দলটোৱে মাত্ৰ তিনিবছৰীয়া কাৰ্যকালৰ বাবেহে কাৰ্যনিৰ্বাহ কৰিবলৈ সক্ষম হ’ব৷ গতিকে প্ৰচলিত সময়তকৈ তাকৰীয়া হ’ব চৰকাৰৰ কাৰ্যকাল৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email