কিয় ইমান কঠোৰ হৈছে আছু?

এতিয়াই শংকৰজ্যোতিৰ সৰ্বনাশ কৰিলেই, কিন্তু ভৱিষ্যতেও যাতে উত্থান ঘটাব নোৱাৰে তাৰ বাবে নিঃশেষ কৰিবলৈয়ো প্ৰস্তুত কৰা হৈছে অভিসন্ধি৷ সেইসূত্ৰেই শংকৰজ্যোতিৰ বিৰুদ্ধে সাংগঠনিক তদন্তৰ বাবে গঠন কৰা হৈছে কমিটী৷ পূৰ্বে আছুত কেতিয়াও নোহোৱা-নোপোজা তদন্ত কমিটী এইবাৰহে গঠন কৰিবলৈ সিদ্ধান্ত লোৱা হৈছে৷
শংকৰজ্যোতিৰ বিৰুদ্ধে অভিযোগ উত্থাপনৰ পিছতে ঘনিষ্ঠ চৰ্জুন হান্সেক সাধাৰণ সম্পাদক পাতিবৈলৈ সভাপতি উৎপল শৰ্মা উঠি-পৰি লাগিছিল৷ তদানুসৰি তেওঁ চৰ্জুন হান্সেক গুৱাহাটী যাত্ৰাৰ বাবে ইন’ভা ভাৰা কৰিবলৈয়ো দিছিল নিৰ্দেশ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ ৰূমমেট চৰ্জুনক ইচ্ছামতেই সাধাৰণ সম্পাদক পাতি ল’লে আছুৱে৷ কিন্তু ইয়াৰ পিছতো শংকৰজ্যোতি অধ্যায়ৰ সমাপ্তি নঘটিল৷
আচৰিতভাৱে শংকৰজ্যোতিৰ বিৰুদ্ধে অকল্পনীয়ভাৱে নিষ্ঠুৰ হৈ পৰিল আছু৷ তেওঁক প্ৰাথমিক সদস্যপদো ত্যাগ কৰিবলৈ বাধ্য কৰোৱাৰ পিছত তদন্তৰো ব্যৱস্থা কৰিলে৷
কিন্তু কোনোকালেই যাতে শংকৰজ্যোতিয়ে মূৰ দাঙি থিয় হ’ব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আছুৰ নেতৃত্বক নিৰ্দেশনা দিছে প্ৰভাৱশালী মহলে৷ বিশেষকৈ কলংকৰ দাম মছি তেওঁ যাতে দুলীয়াজানৰ বিধানসভা নিৰ্বাচনতো অৱৰ্তীণ হ’ব নোৱাৰে সেয়া নিশ্চিত কৰিবলৈহে চেষ্টা চলাইছে আছুৱে৷ যাৰ কাৰণ হৈছে শক্তিশালী লবীৰ হেঁচা৷
অনাগত সময়ত শংকৰজ্যোতিয়ে দুলীয়াজানত বিজেপিৰ টিকট বিচাৰিলে সমস্যাৰ সন্মুখীন হোৱাৰ ভয়তে কঠোৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে আছুক৷ এতেকে হলা গছত বাগী কুঠাৰ মৰাৰ দৰে শংকৰজ্যোতিক হেঁচা মাৰি ধৰিছে শত্ৰুৱে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email