মাৰাথন জেৰা শেষ হ’ল৷ গতিকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ’ল চুমি বৰাক৷ লগতে তাৰ্কিক বৰাকো আৰক্ষীয়ে কথা সুধি-পুচি শেষ কৰিলে৷
ট্ৰেডিং কেলেংকাৰিত অভিযুক্ত হৈ ইতিমধ্যে জিম্মাতে আছে বিশাল ফুকন৷ ২২ বছৰ বয়সতে ২,২০০ কোটি টকাৰ জালিয়াতি কৰা বিশালৰে লগ লাগিব চুমি আৰু তাৰ্কিক৷
গতিকে এতিয়া ন্যায়িক জিম্মাতে পাতিব পাৰিব মিটিং৷ আধুনিক কৰ্প’ৰেট বিধি অনুসৰি য’ত ব’ৰ্ডৰ সঞ্চালকসকল থাকে সেই ঠাইকে কোম্পানীৰ কাৰ্যালয় বুলি গণ্য কৰা হয়৷
সেই হিচাপে এতিয়া জে’লতে আছে পাৰ্চেলিয়া ফাৰ্মাচিউটিকেলছ নামৰ কোম্পানীটোৰ ডাইৰেক্টৰসকল৷ বিশাল ফুকন, চুমি বৰাকে ধৰি সকলো ন্যায়িক জিম্মাতে লগ হৈছে৷ এতিয়া কেৱল বাহিৰত আছে পাৰ্চেলিয়াৰ আন দুই সঞ্চালক ৰাজীৱ বৰা আৰু জিংকি মিলি৷
সকলো একত্ৰিত হ’লে ন্যায়িক জিম্মাতে পাতিব পাৰিব পাৰ্চেলিয়া নামৰ কোম্পানীটোৰ বৈঠক৷ গতিকে তেওঁলোকে একত্ৰিত হৈ কোম্পানীটোৰ পৰৱৰ্তী আঁচনিও নিৰ্ধাৰণ কৰিব পাৰিব৷
আধুনিক কৰ্প’ৰেট সংজ্ঞা অনুসৰিয়েই ডিব্ৰুগড়ৰ ন্যায়িক জিম্মা সম্প্ৰতি পাৰ্চেলিয়াৰ অফিচলৈ পৰিণত হৈছে৷ কিন্তু জিম্মাত থকাৰ সময়ছোৱাত চুমিৰ পৰা একো কথা উলিয়াব নোৱাৰিলে বুলিহে সদৰী কৰিছে আৰক্ষীয়ে৷ অনানুষ্ঠানিক সূত্ৰই প্ৰকাশ কৰা প্ৰশ্ন সুধিলেই হুকহুককৈ কান্দিয়েই থাকিল চুমি৷
আনহাতে পেটৰ অসুখতো আক্ৰান্ত হ’ল চুমি৷ অৱশ্যে অলপ ভাল হোৱাৰ পিছতে তেওঁক প্ৰেৰণ কৰা হ’ল ন্যায়িক জিম্মালৈ৷