আন্দোলন তল পৰাৰ পিছতে উজনিত উভৈনদী হ’ল মিঞা মাছ৷ যোৰহাট আৰু শিৱসাগৰৰ বজাৰ নগাঁও-মৰিগাঁৱৰ মাছেৰে ভৰি পৰিল৷ নপঠিয়াও বুলি দম্ভালিৰ পিছত শিৰনত কৰা মিঞাই সদায় পঠিয়াই আছে কেবাকুইণ্টল মাছ৷ গতিকে আকৌ পূৰ্বৰ দৰেই ইউৰিয়া খোৱা মাছেৰে ভৰি পৰিছে বজাৰ৷
মিঞা পালকে হুংকাৰ দিয়াৰ পিছত উজনিৰ খিলঞ্জীয়ায়ো ইউৰিয়া ছটিয়াই পালন কৰা মাছ নোখোৱাৰ অংগীকাৰ কৰিছিল৷ কিন্তু সেই সজাগতা বেছিদিনলৈ নাথাকিল৷ ফলত আন্দোলনৰ নিচা ফটাৰ পিছত আকৌ খিলঞ্জীয়াই খাবলৈ ল’লে মিঞা মাছ৷
আমি লাভ কৰা খবৰ অনুসৰি প্ৰতিনিশা কেৱল শিৱসাগৰলৈ আহি আছে চাৰিখন মাছভৰ্তি গাড়ী৷ নগাঁৱৰ পৰা প্ৰেৰিত মাছৰ গাড়ী পোনপটীয়াকৈ সোমাইছে শিৱসাগৰৰ কাটাত৷ তাত মাছ ওজন কৰ পাইকাৰী বেপাৰীক বিক্ৰী কৰা হৈছে৷
পুৱতি নিশা মধ্য অসমৰ পৰা ওলোৱা মাছভৰ্তি গাড়ী উজনিত নিৰ্দিষ্ট সয়ত উপস্থিত হৈছে৷ একেদৰে ডিব্ৰুগড়তো বিক্ৰী হৈছে নগাঁৱৰ মাছ৷
কিছুদিনীয়া আন্দোলন তাপ মৰাৰ পিছতে আকৌ উজনিয়ালৈ খাবলৈ ধৰিছে মিঞা মাছ৷ আনহাতে যোৰহাটত পূৰ্বৰ তুলনাতো বাঢ়িছে মধ্য অসমৰ মাছৰ প্ৰচলন৷ এজন বেপাৰীয়ে প্ৰদান কৰা তথ্য অনুসৰি নগাঁৱৰ পৰা চাহিদাৰ ব্যাপকতাৰ বাবে অধিক মাছ যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে৷