শীঘ্ৰে জামিন পাব চুমিয়ে!

প্ৰথমে কওঁ চুমি বৰাৰ কথা৷
নাচনী চুমি বেছিদিন জে’লত থাকিবলগীয়া নহয়৷ পুলিচৰ গোপন সূত্ৰয়েই প্ৰকাশ কৰিছে এই তথ্য৷ চুমিৰ বিৰুদ্ধে ৰুজু হোৱা প্ৰতিটো ধাৰাৰ বাবেই তেওঁ শীঘ্ৰে মুক্তিলাভ কৰাটো নিশ্চিত৷
বৰ্তমান ডিব্ৰুগড় থানাৰ লক-আপত কান্দি থকা চুমি আৰু তাৰ্কিক বৰাৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত প্ৰবঞ্চনাৰ গোচৰ তৰা হৈছে৷ এই ধাৰা অনুসৰি সৰ্বাধিক ১০ বছৰ জে’ল হ’ব পাৰে৷
কিন্তু বিচাৰ চলি থাকিব৷ তাৰ আগতেই জামিন লাভ কৰিব চুমিয়ে৷ কাৰণ তেওঁলোকৰ বিৰুদ্ধে কোনেও কে’ছ দিয়া নাই৷ একমাত্ৰ পুলিচৰ নিজা গোচৰতহে অভিযুক্ত হৈ আছে চুমি৷ জেৰা শেষ হ’লেই আৰক্ষীয়ে তেওঁক জে’ললৈ পঠিয়াব৷ গতিকে সৰ্বাধিক তিনিমাহতে তেওঁ জামিন লাভ কৰিব৷
একেদৰে প্ৰাক্তন প্ৰেয়সীৰ গোচৰৰ বাবে আছুত্যাগী শংকৰজ্যোতি বৰুৱাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে৷ লাজে-অপমানে আছুৰ পৰা বাহিৰ ওলালেও শংকৰজ্যোতিৰ শাস্তি নহয়৷
কাৰণ যুৱতীগৰাকীক মানসিক ৰোগী হিচাপে GMCHৰ চিকিৎসকে অভিহিত কৰিছে৷ তেওঁক মানসিক চিকিৎসাৰ কাৰণেও পৰামৰ্শ দিছে চিকিৎসকে৷
গতিকে শংকৰজ্যোতিৰ কোনো শাস্তি নহয়৷ কিছুদিনৰ পিছত সকলোৱে পাহৰিলেই চুমি আৰু শংকৰজ্যোতি দোষমুক্ত হ’ব৷ তাৰ পিছত সম্ভৱতঃ সভা-সমিতিত তেওঁলোক হ’ব মুখ্য অতিথি৷

Please follow and like us:
0

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

Social media & sharing icons powered by UltimatelySocial