বিশ্বকৰ্মা পূজা ইংৰাজে আৰম্ভ কৰা নাছিল। বহুতে কোৱাৰ দৰে বিশ্ব খনিকৰ বিশ্বকৰ্মা কাল্পনিক দেৱতাও নহয়। কিন্তু আচলতে বিশ্বকৰ্মাৰ দৈৱিক পৰিচয় কি? ঋগবেদকে ধৰি কেবাখনো বৈদিক শাস্ত্ৰত বিশ্বকৰ্মা দেৱতাৰ বিষয়ে উল্লেখ আছে। ব্ৰহ্মাৰ পুত্ৰ বিশ্বকৰ্মা বুলি প্ৰবাদ আছে। কিন্তু বৈদিক শব্দজ্ঞানৰ শাস্ত্ৰ নিৰুক্তা আৰু ব্ৰাহ্মণ শাস্ত্ৰ কেইখনত তেওঁক ভুবনৰ পুত্ৰ বুলি কোৱা হৈছে। মহাভাৰত আৰু হৰিবংশত বিশ্বকৰ্মা ৱাসু আৰু যোগাসিদ্ধাৰ পুত্ৰ বুলি উল্লেখ আছে৷ পুৰাণৰ মতে বিশ্বকৰ্মা বাস্তু দেৱতাৰ পুত্ৰ। প্ৰাচীন শাস্ত্ৰত উল্লেখ আছে, বিশ্বকৰ্মাই সত্য যুগত স্বৰ্গলোক সাজিছিল। ত্ৰেতা যুগত ৰাৱণৰ লংকা নগৰী সাজিছিল
আৰু দ্বাপৰ যুগত শ্ৰীকৃষ্ণৰ দ্বাৰকা সাজিছিল। বিশ্বকৰ্মায়েই পাণ্ডৱৰ ইন্দ্ৰপ্ৰস্থ আৰু কলি যুগ সোমোৱাৰ সময়ত হস্তিনাপুৰ নগৰ নিৰ্মাণ কৰিছিল। পুৰীৰ জগন্নাথ মন্দিৰ আৰু নীলাচল পাহাৰৰ কামখ্যা মন্দিৰ মহাকাব্যিক স্থপতি বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল বুলি প্ৰাচীন শাস্ত্ৰত আছে। শাস্ত্ৰৰ ব্যাখ্যা অনুসৰি শিৱৰ ত্ৰিশূল, বিষ্ণুৰ সুদৰ্শন চক্ৰ, দেৱতাসকলৰ ৰথ, ৰাৱণৰ পুস্পকৰো নিৰ্মাতা হৈছে বিশ্বকৰ্মা। বিশ্বকৰ্মা পূজা ব্ৰিটিছে আৰম্ভ কৰা পূজা নহয়। এই পূজা আদিকালৰে পৰা ভাৰতবৰ্ষত কন্যা সংক্ৰান্তিত পাতি অহা হৈছে। বিশ্বকৰ্মাৰ মন্ত্ৰ ঋগবেদতে আছে৷ ঋগবেদৰ দশম মণ্ডলৰ ৮১ আৰু ৮২ সুক্ত হৈছে বিশ্বকৰ্মা সুক্ত। এই দুয়োটা সুক্ততে সাতটাকৈ মন্ত্ৰ আছে। যজুৰ্বেদৰ সপ্তদশ অধ্যায়ৰ ২৪ নম্বৰ আৰু ৩২ নম্বৰ মন্ত্ৰ দুটাও বিশ্বকৰ্মা মন্ত্ৰ। প্ৰবাদ অনুসৰি ভগৱান ব্ৰহ্মাই সংসাৰ সৃষ্টিৰ পাচত বিশ্বকৰ্মা দেৱতাক পৃথিৱী কেনেকৈ সৌন্দৰ্য্যশালী কৰিব পাৰিব তাৰ দায়িত্ব দিছিল। সেয়ে বেদত আছে বিশ্বকৰ্মা পূজাৰ ব্যাখ্যা।