আৰু চান্দা দিব নোৱাৰে, গতিকে অসম এৰি যাবগৈ মাৰোৱাৰী৷ অসম এৰি ৰাজস্থানলৈ যাব শতাধিক মাৰোৱাৰী ব্যৱসায়ী৷
শিৱসাগৰৰ আন্দোলনৰ পিছত সলনি হৈছে অসমৰ পৰিস্থিতি৷ উগ্ৰ জাতীয়তাবাদী আন্দোলৰ ফলত মাৰোৱাৰী ব্যৱসায়ী দু্ৰ্ব্যৱহাৰৰ সন্মুখীন হৈছে৷ ফলত মধ্যম পৰ্যায়ৰ মাৰোৱাৰী ব্যৱসায়ীয়ে কটাবলগীয়া হৈছে ভয়াৰ্ত জীৱন৷
চহকী মাৰোৱাৰী ব্যৱসায়ীৰ চিন্তা নাই৷ কিন্তু বহু এলেকাত গেলামাল বা হাৰ্ডৱেৰৰ ব্যৱসায় কৰা মাৰোৱাৰীৰ পৰা চান্দা তোলাৰো কোব চৰিছে নানা সংগঠনৰ৷ খিলঞ্জীয়াৰ কথা কৈ উজনিৰ মাৰোৱাৰীৰ পৰা সংগঠনৰ নেতাই আদায় কৰিছে ধন৷
গতিকে মধ্যম পৰ্যায়ৰ মাৰোৱাৰী বেপাৰীয়ে অসম ত্যাগৰ চিন্তা কৰিছে৷ আমাৰ সৈতে ব্যক্তিগত কথোপকথনত এই বিষয়ে প্ৰকাশ কৰিছে ব্যৱসায়ীসকলে৷
কেৱল ডিব্ৰগড়ৰে ৭৮ জন মাৰোৱাৰী বেপাৰীয়ে জনাইছে অসম ত্যাগৰ ইচ্ছাৰ কথা৷ অতিমাত্ৰা চান্দা সংগ্ৰহৰ ফলত মুনাফাৰ পৰিমাণে কমি গৈছে তেওঁলোকৰ৷ সেয়ে পুৰুষাণুক্ৰমে অসমত থকাৰ পিছত ৰাজস্থানলৈ প্ৰত্যাৱৰ্তনৰ বাবে তেওঁলোকে সিদ্ধান্ত লৈছে৷
যোৰহাটতো ১৮ জন মাৰোৱাৰী ব্যৱসায়ীয়ে দোকান বন্ধ কৰা সিদ্ধান্ত লৈছে৷ ডিচেম্বৰৰ ভিতৰত তেওঁলোকে অসমত ধন বিনিয়োগ বন্ধ কৰিব বুলি জনাই দিছে কৰ্মচাৰীক৷
একেদৰে গোলাঘাটত মাৰোৱাৰী গোলাৰ শতাধিক অসমীয়া কৰ্মচাৰীক অব্যাহতি দিয়া হৈছে৷ অসম ত্যাগৰ সিদ্ধান্ত লৈছে গোলাঘটীয়া মাৰোৱাৰী বেপাৰীয়ে৷