চেঙা সমষ্টিৰ AIUDF বিধায়ক হোৱাৰ আগতে আশ্ৰাফুল হুছেইন আছিল প্ৰগতিশীল মিঞা যুৱক৷ নানা সামাজিক কামতো জড়িত আছিল আশ্ৰাফুল৷
কিন্তু তেওঁ তাৰ পিছত মিঞা কবিতা গেঙৰ চৰ্দাৰ হৈ পৰিল৷ অসমীয়াক ভীতিৰ কাৰণ আৰু বলাৎকাৰী হিচাপে অভিহিত কৰা মিঞা কবি বাহিনীৰ চৰ্দাৰ আছিল আশ্ৰাফুল হুছেইন৷ তাৰো আগতে আশ্ৰাফুল আছিল সাংবাদিক৷ গুৱাহাটীৰ পৰা প্ৰকাশিত এখন কাকততো কাম কৰিছিল তেওঁ৷ লগতে তেওঁ আছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰো অন্যতম এক্টিভিষ্ট৷
কিন্তু হঠাতে ছেকুলাৰ ৰাজনীতি ত্যাগ কৰি বদৰুদ্দিন আজমলৰ মিঞা ৰাজনীতিৰ পৃষ্ঠপোষক হৈ পৰিল আশ্ৰাফুল৷ একেকোবেই তেওঁ হ’লগৈ বিধায়ক৷ তাৰ পিছত বিধানসভাতে অপমান কৰিলে একালৰ গুৰু অখিল গগৈক৷
গুৰুক অপমান কৰা আশ্ৰাফুলৰ মতে অসমীয়াই মিঞাক শৰাইত তামোল-পাণ আগবঢ়াই কাম কৰিবলৈ নিমন্ত্ৰণ জনাব লাগে৷ অসমত কাম কৰিবলৈ নাপালে বৰ্হিৰাজ্যলৈ যাবলৈয়ো মিঞাক তেওঁ উপদেশ দিলে৷
একালৰ কমিউনিষ্ট তথা এতিয়াৰ AIUDFৰ MLA হুছেইন চাহাবে শৃংখল চলিহাৰ বিৰুদ্ধে কথা কৈ অসমীয়াকে অপমান কৰিলে৷ মিঞা কবিতা লিখি NRCৰ সময়ত অসমীয়াক বলাৎকাৰী আখ্যা দিয়া আশ্ৰাফুলে বদৰুদ্দিন আজমলৰ দৰেই কৰিলে উগ্ৰতাৰ ৰাজনীতি৷