মৰিশালিৰ দৰে নিজম পৰিছে মাজুলী সংযোগী দলৰ ছাইট৷ চৰকাৰে কমদিনৰ ভিতৰতে নিৰ্মাণৰ ঘোষণা কৰা দলংখনৰ কাম যোৱা ১২ দিনে বন্ধ হৈ আছে৷ ঠিকাদাৰী প্ৰতিষ্ঠানৰ মাজত মতৰ অমিলৰ বাবে বন্ধ হৈছে মাজুলীৰ বহুপ্ৰত্যাশিত দলঙৰ কাম৷
নিমাতীঘাতৰ পৰা নাতিদূৰৰ য়োৰহাট-মাজুলী সংযোগী দলংখনত ৭১টা খুঁটা নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছিল৷ কাম পূৰ্ণগতিত চলি থকা সময়ত ইয়াৰে ২২টা খুঁটাৰ নিৰ্মাণ সম্পূৰ্ণ হয়৷
বিগত সময়ত চৰকাৰে দলংখন সাজিবলৈ ঠিকা প্ৰদান কৰিছিল লক্ষ্ণৌৰ ইউ পি ষ্টেট ব্ৰীজ কোম্পানীক৷ সেইটো প্ৰতিষ্ঠানে আকৌ অসমৰ BRC নামৰ কোম্পানীটোক আংশিক দায়িত্ব প্ৰদান কৰিছিল৷ ৬০০ কোটি টকাৰো অধিক পুঁজিৰে নিৰ্মীয়মান দলংখনৰ কাম যুদ্ধকালীন গতিৰে চলাইছিল BRCএ৷
কিন্তু উত্তৰ প্ৰদেশৰ প্ৰতিষ্ঠানে BRCক দিয়া নাই পুঁজি৷ চৰকাৰৰ পৰা লাভ কৰা ধনৰ নিৰ্ধাৰিত অংশ BRCএ পোৱা নাই৷ সেয়ে তেওঁলোকে ১২ দিনে বন্ধ ৰাখিছে নিৰ্মাণ৷
ধনৰ অভাৱৰ বাবেই কোম্পানীটোৱে ছাইটৰ পৰা ঘৰলৈ পঠিয়াই দিছে নিয়োজিত শ্ৰমিকক৷ কাম আধাতে বন্ধ ৰাখি ঘৰাঘৰি হ’বলৈ সকলোকে তেওঁলোকে নিৰ্দেশ দিছে৷
সেয়ে কিছুদিন আগলৈ মুখৰ হৈ থকা প্ৰকল্পস্থলীত এতিয়া বিৰাজ কৰিছে নীৰৱতাই৷ কিন্তু পইচা নোপোৱালৈ কাম আৰম্ভ নকৰে বুলি ৰাইজ আৰু সংগঠনক জনাই দিছে BRCয়ে৷