হীৰাৰ আঙুঠিৰ কথাও পাহৰিলে চুমিয়ে

প্ৰশ্ন সুধিলেই উচুপি উচুপি কান্দে, উত্তৰ কিন্তু একো নিদিয়ে৷ মালখানাটোকে মহিলা লক-আপ সাজি ডিব্ৰুগড় পুলিচে ভৰাই থোৱা চুমি বৰাই একো কথাই কোৱা নাই৷ উৰাই-ঘূৰাই প্ৰশ্ন সুধিও চুমিৰ মুখৰ পৰা একো উলিয়াব পৰা নাই পুলিচে৷
আত্মসমৰ্পণৰ পিছত চুমিৰ জৰিয়তে বিশালে অৰুণাচলৰ এজন নেতাৰ পৰা ৮ কোটি টকা লোৱাৰ নিশ্চিত তথ্য লাভ কৰিছিল আৰক্ষীয়ে৷ কিন্তু সেই কথাটো জেৰাৰ সময়ত অস্বীকাৰ কৰিছে তাৰ্কিক বৰাই৷ কিন্তু একেটা অভিযোগ আকৌ স্বীকাৰ কৰিছে চুমিয়ে৷
ডিব্ৰুগড় চহৰৰ ৰামবদন হোটেলৰ পৰঠা আৰু ঘুগুনি খুৱাই আৰক্ষীয়ে চুমি আৰু তাৰ্কিকক নিৰন্তৰভাৱে জেৰা কৰিছে৷ পিছে সোধ-পোছৰ সময়ত শিয়ালবাগী মাৰিছে চুমিয়ে৷ তেওঁ এতিয়া পাহৰি পেলাইছে বিশাল ফুকনে উপহাৰ দিয়া হীৰাৰ নেকলেছ আৰু আঙুঠিৰ কথা৷ হীৰাৰ অলংকাৰ ক’ত থৈছে সেয়াও পাহৰা বুলি চুমিয়ে মন্তব্য কৰিছে৷
ডেষ্টিনেশ্যন ৱেডিঙৰ প্ৰসংগত বিশাল ফুকনকো দোষ দিছে চুমিয়ে৷ নৰ্তকী চুমিৰ মতে উদয়পুৰত আড়ম্বৰপূৰ্ণভাৱে বিয়া পাতিবলৈ তেওঁৰ ইচ্ছা নাছিল৷ কিন্তু বিশাল ফুকনে জোৰ দি তেওঁক লৈ গৈছিল৷ বিশালৰ বাবেহে ডেষ্টিনেশ্যন ৱেডিং পাতিবলগীয়া হৈছিল চুমিয়ে৷
কিন্তু পূৰ্বে জেৰাৰ সময়ত চুমিক ৰেহাই দি নিজে সকলো দোষ মূৰ পাতি লৈছিল বিশালে৷ এতিয়া পিছে পাতি লোৱা ভায়েককো জগৰীয়া কৰি চুমিয়ে মূৰ পোলোকা মাৰিছে৷
লক-আপত নিশাও শোৱা নাই চুমি৷ খাটনিৰ পিছত ডিব্ৰুগড় আৰক্ষীয়ে মহখেদা ধূপ যোগাৰ কৰি দিছে৷ কিন্তু লক-পত বহিহে আছে চুমি বৰা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email