দেশত অমংগল হ’ব!

অমংগলৰ ইংগিত দিছে এটা ঘটনাই৷ দেশৰ দুৰ্যোগৰে বতৰা দিছে তাজমহলৰ ফুটাই৷
নৰেন্দ্ৰ মোদীৰ শাসনকালত সৰ্বত্ৰ ফুটা ওলাইছে৷ ৰাম মন্দিৰৰ ছাদত ফুটা ওলাই গৰ্ভগৃহত পানী পৰিছে৷ বাল্টি পাতি ধৰিবলগীয়া হৈছে সংসদ ভৱনত পৰা বৰষুণৰ পানী৷
এতিয়া কিন্তু তাজমহলৰ সৌধতো ফুটা ওলাইছে৷ কিছুদিন পূৰ্বে তাজমহলৰ স্তম্ভত ফাট ধৰা পেলাইছিল পুৰাতত্ত্ব বিভাগে৷ কিন্তু সেই ফাটটোৱেই ক্ৰমে ডাঙৰ হৈ গৈ আছে৷
ফলত তাজমহলৰ ভিতৰত পৰিছে বৰষুণৰ পানী৷ ফুটাৰে পানী সোমোৱাৰ ফলত তাজমহলৰ অন্তৰ্ভাগ জলমগ্ন হৈ পৰিছে৷
যোৱা তিনিদিনে আগ্ৰাত ধাৰাষাৰ বৰষুণ হৈছে৷ সেয়ে ফুটাটোৰ আকাৰো বাঢ়ি গৈ আছে৷ আনহাতে ড্ৰ’ন কেমেৰাৰে দৈনিক তাজমহলৰ ওপৰৰ ফাট পৰ্যৱেক্ষণ কৰিছে পুৰাতত্ত্ব বিভাগে৷
কিন্তু প্ৰাচীন স্মাৰকৰ ফাট মেৰামতি কৰিব পৰা নাযাব বুলিহে অনুমান কৰা হৈছে৷ ৪০০ বছৰ সগৰ্বে থিয় হৈ থকা তাজমহলৰ ফুটাই ইংগিত দিছে অমংগলৰ৷
ছাহজাহান আৰু মমতাজৰ অমৰ প্ৰেমৰ সাক্ষী তাজমহলৰ ইমানদিনে সামান্যও ক্ষয় হোৱা নাছিল৷ কিন্তু এইবাৰ বিশেষ ফুটাই সংকেত দিছে দুৰ্যোগৰ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email