মোদীৰ ৰাজ্যৰ এটা কাহিনী…..
২০১৭ চনত আহমেদাবাদত নিৰ্মাণ কৰা হৈছিল হটকেশ্বৰ ফ্লাইঅভাৰ৷ তেতিয়া ফ্লাইঅভাৰখন সাজিবলৈ চৰকাৰে খৰচ কৰিছিল ৪৪ কোটি টকা৷
আহমেদাবাদত ফ্লাইঅভাৰখনো মুখ্যমন্ত্ৰীয়েই উদ্বোধন কৰিছিল৷ ফ্লাইভাৰৰ বাবে ৰাজ্যৰ উন্নতি হ’ব বুলিও চলোৱা হৈছিল প্ৰচাৰ৷
তেতিয়া হটকেশ্বৰ ফ্লাইঅভাৰৰ আয়ুস ১০০ বছৰ বুলি চৰকাৰে প্ৰকাশ কৰিছিল৷ কিন্তু ২০২২ চনতে অভাৰব্ৰীজখন ফাটি গ’ল৷ ১০০ বছৰ আয়ুসৰ ফ্লাইঅভাৰখন ৫ বছৰ ব্যৱহাৰৰ পিছতে কঁপিবলৈ ধৰিলে৷
ফলত চৰকাৰে ফ্লাইঅভাৰখনেৰে যাত্ৰা বন্ধ কৰি দিলে৷ এতিয়া সেইখন ভাঙি পেলাবলৈ চৰকাৰে সিদ্ধান্ত লৈছে৷ কিন্তু আচৰিত কথাটো হৈছে ফ্লাইঅভাৰখন ভাঙিবলৈ ৫২ কোটি টকা ধাৰ্য কৰা হৈছে৷ অৰ্থাৎ নিৰ্মাণৰ তুলনাত ভাঙিবলৈ অধিক ধন খৰচ কৰিছে চৰকাৰে৷
ফ্লাইঅভাৰখন ভাঙি পৰিব বুলি শংকা কৰি ততালিকে ভাঙিবলৈ সিদ্ধান্ত লোৱা হৈছে৷ কিন্তু এতিয়া গুজৰাটত হ’লেও সম্ভৱত অসমতো আগলৈ এনে পৰিস্থিতিয়েই হ’ব৷ হকে-বিহকে চৰকাৰে যিমান ফ্লাইঅভাৰ সাজি আছে সকলোবোৰ সম্ভৱত আগলৈ ৰাইজৰ বাবে বিপদ হৈ পৰিব৷
গতিকে সম্ভৱতঃ আৰু কিছুদিনৰ পিছত গুৱাহাটীতো ভাঙি পেলাব লাগিব অভাৰব্ৰীজ৷ আকৌ খৰচ কৰিব লাগিব চৰকাৰী ধন৷
মোদীৰ দেশত এয়াহে হৈছে
