পুৰণি ঘৰলৈ উভতি যাব ভৰত নৰহ৷ তেওঁ শীঘ্ৰে যোগদান কৰিব অগপত৷ ভৰতৰ লগতে ৰাণী নৰহেও আমবাৰীত হাতী পাৰ্টীত নামভৰ্তি কৰিব৷
দীৰ্ঘদিনে কংগ্ৰেছত একাষৰীয়া হৈ থকা ভৰত নৰহে চূড়ান্ত ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰিছে৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে দলৰ পৰা পদত্যাগ কৰি ভৰতে অৱশ্যে প্ৰত্যাৱৰ্তনৰ চেষ্টা কৰিছিল৷ পিছে গুৰুত্বহীন হৈ পৰাৰ বাবে তেওঁ অগপ অভিমুখী হোৱাৰ সিদ্ধান্ত লৈছে৷
বিধায়ক পদ ত্যাগ কৰি হ’লেও ভৰতে দল সলনি কৰিব বুলি নিশ্চিত কৰিছে ঘনিষ্ঠ মহলে৷ বহুদিনীয়া অস্থিৰতাৰ পিছত কংগ্ৰেছ ত্যাগ নিশ্চিত হৈছে ৰেকিবুদ্দিন আহমেদৰ৷ ছয়গাঁও সমষ্টিৰ বিধায়কজনে টিকট পোৱাৰ নিশ্চিতিৰে অগপত প্ৰৱেশৰ সিদ্ধান্ত লৈছে৷
ৰেকিবুদ্দিনে বৰ্তমান প্ৰতিনিধিত্ব কৰি থকা ছয়গাঁও সমষ্টি পুন নিৰ্ধাৰণৰ ফলত বিলুপ্ত হৈছে৷ কিন্তু গঠন কৰা হৈছে বকো-ছয়গাঁও আৰু ছমৰীয়া সমষ্টি৷ ইয়াৰে যিকোনো এটাত প্ৰাৰ্থিত্ব লাভৰ গেৰাণ্টী পালেই ৰেকিবুদ্দিন আহমেদে অগপত প্ৰৱেশ কৰিব৷
সবাতোকৈ আশ্বৰ্যকৰভাৱে কংগ্ৰেছ ত্যাগৰ তৎপৰতা চলাইছে মীৰা বৰঠাকুৰে৷ অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰীয়েও অগপত যোগ দিয়াৰ সম্ভাৱনা আছে৷
খবৰ অনুসৰি বিগত নিৰ্বাচনত গুৱাহাটীৰ প্ৰাৰ্থী হোৱা বৰঠাকুৰে দলত্যাগ কৰিছে নিশ্চিত৷ এই খবৰ পোৱাৰ পিছত মীৰা বৰঠাকুৰক নেতৃত্বই কাৰণ দৰ্শোৱাৰ জাননী দিছে৷ কিন্তু কংগ্ৰেছ ত্যাগৰ সিদ্ধান্তত অটল হৈ আছে মীৰা৷