আচলতে কথাটো কি?

সঁচাকৈ বেয়া দিন চলিছে সুন্দৰী মালাইকা আৰোৰাৰ৷ উঠন বুকু আৰু মসৃণ কঁকালেৰে দেহ কঁপাই অজস্ৰ পুৰুষক মন্ত্ৰমুগ্ধ কৰি তোলা মালাইকাই অহৰহ কান্দি আছে৷ কাৰণ তেওঁ হেৰুৱাইছে পিতৃ অনিল মেহতাক৷
কিন্তু মালাইকালৈ পিতৃলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতে অনুৰাগী বিমোৰত পৰিছে৷ কাৰণ হৈছে বয়সৰ গণ্ডগোল৷ বলীউডী সুন্দৰী মালাইকা হৈছে ৫১ বছৰীয়া৷ কিন্তু তেওঁৰ প্ৰয়াত পিতৃৰ বয়স মাত্ৰ ৬২ বছৰ৷ কন্যাতকৈ পিতৃ ১০-১১ বছৰহে কেনেকৈ ডাঙৰ হ’ব পাৰে বুলিও বহুতে প্ৰশ্ন সুধিলে৷ কিন্তু তাৰ পিছতহে ওলাল গোমৰ ফাক৷
আচলতে সদ্যপ্ৰয়াত অনিল মেহতা মালাইকাৰ আচল পিতৃ নহয়৷ মালাইকা আৰোৰা মাতৃ জয়ছ পলিক্ৰেপ হৈছে মালায়ালী খ্ৰীষ্টান৷ তেওঁ যৌৱন কালত অনিল আৰোৰা নামৰ এজন লোকৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল৷ অনিল আৰোৰাৰে ঔৰসত তেওঁ মালাইকা আৰু অমৃতা আৰোৰাক জন্ম দিছিল৷
কিন্তু মালাইকাৰ ১১ বছৰ বয়সতে অনিল আৰোৰাৰ সৈতে জয়ছৰ বিচ্ছেদ ঘটিল৷ তাৰ পিছত আকৌ অনিল মেহতা নামৰ লোকজনৰে বিবাহপাশত আবদ্ধ হৈছিল জয়ছ৷
সেই জয়ছেই শেহতীয়াকৈ চৰম পন্থা বাছি ল’লে৷ সতীয়া পিতৃৰ মৰমৰ পৰা বঞ্চিত হ’ল মালাইকা৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email