নমস্কাৰ, চাহ-মিঠাই খাই আপুনি যাওক
ঐ, এখেতক চাহ খুৱাই পঠিয়াই দে৷
সংবাদমেলত এনেদৰে কৈছিল মুখ্যমন্ত্ৰীয়ে৷ অৱশ্যে মুখ্যমন্ত্ৰীৰ খং উঠাৰ কাৰণ আছিল এগৰাকী সাংবাদিক৷ কোনো সংবাদ প্ৰতিষ্ঠানক প্ৰতিনিধিত্বৰ অধিকাৰ নোহোৱাকৈ প্ৰেছমীটত প্ৰৱেশ কৰা সাংবাদিকক চাহ খুৱাই একপ্ৰকাৰ উলিয়ায়েই দিলে মুখ্যমন্ত্ৰীয়ে৷
কিন্তু এতিয়া প্ৰশ্ন উত্থাপিত হৈছে- আচলতে মুখ্যমন্ত্ৰীৰ দৃষ্টিত সাংবাদিক কোন?
ধৰা হওক ৰাজ্যৰ মুধাফুটা সাংবাদিক অতনু ভূঞাৰ কথাই৷ তেওঁ সিদিনালৈ ছেটেলাইট চেনেলত কৰ্মৰত আছিল৷ কিন্তু এতিয়া ভূঞাই ডিজিটেল মাধ্যমত প্ৰৱেশ কৰিলে৷ গতিকে প’ৰ্টেলক স্বীকৃতি নিদিয়া মুখ্যমন্ত্ৰীৰ বাবে অতনু ভূঞাও সাংবাদিক নহয় নেকি?
ধৰা হ’ল বাতৰি কাকত বা জনাজাত চেনেলৰ কৰ্মীসকলেই আচল সাংবাদিক৷ আনসকল নকল৷ কিন্তু তাতো কেৰোন আছে৷ যিকোনো প্ৰতিষ্ঠানত সাংবাদিকৰ উপৰি সমানে সংবাদকৰ্মীয়েও কাম কৰে৷ বাহিৰৰ পৰা সাংবাদিক গোটাই অনা খবৰ তৈয়াৰ কৰে সংবাদকৰ্মীসকলে৷ উপ-সম্পাদক, ভিডিঅ’ এডিটৰ, DTP অপাৰেটৰ আদি সকলোৱে মিলিহে বাতৰিটো প্ৰস্তুত কৰে৷
গতিকে সকলোৱে লাভ কৰে নিজা প্ৰতিষ্ঠানৰ পৰিচয়-পত্ৰখন৷ সেইখনত প্ৰতিজন কৰ্মচাৰীকে সংবাদ প্ৰতিষ্ঠানৰ কৰ্মী হিচাপে সাংবাদিক বুলিয়েই স্বীকৃতি দিয়া হয়৷
মুখ্য সম্পাদকৰ পৰা পিয়নলৈ সকলোৰে পৰিচয়-পত্ৰত থাকে একেই মৰ্যাদা৷ গতিকে পৰিচয়ৰ শ্ৰেণীবিভাজন কেনেকৈ কৰা যাব?
তেনে হ’লে কোটি কোটি লোকৰ সৈতে পোনপটীয়া সম্পৰ্ক স্থাপন কৰি সংবাদ যোগান ধৰা প’ৰ্টেলৰ কৰ্মী কিয় সাংবাদিক নহ’ব?
আকৌ ধৰা হ’ল যিকোনো সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত লোকসকলহে আচল সাংবাদিক৷ তেনেহ’লে দীৰ্ঘদিনীয়া সাংবাদিকতাৰ অভিজ্ঞতাৰে পৰিপুষ্ট অজিত ভূঞা এতিয়া সাংবাদিক নহয় নেকি?
আচলতে সাংবাদিক হিচাপে স্বীকৃতি লাভৰ মাপকাঠী কি? সাংবাদিকতাৰ পাঠ্যক্ৰম অধ্যয়ন কৰা লোকসকলহে যদি সাংবাদিক তেন্তে আগৰে পৰা কৰ্মৰত অভিজ্ঞ লোকসকল কি?
আচলতে অসমত সাংবাদিকৰ ধৰা-বন্ধা সংজ্ঞা এতিয়ালৈ নোলাল৷ অসমীয়াৰ সংজ্ঞাৰ দৰেই ওলমি থাকিল সাংবাদিকৰ কথা৷
গতিকে বিয়াৰ কাৰ্ড ছপা কৰা প্ৰেছৰ কৰ্মীয়েও গাড়ীত PRESS বুলি লিখিব পাৰে৷ শেষত খং উঠে মুখ্যমন্ত্ৰীৰ৷