সকলো ৰৈ আছে,
জিপি সিঙৰ পুলিচে কেতিয়া চুমি বৰাক ফুৰাবলৈ নিব তাৰ বাবে সকলো অপেক্ষাৰত৷ অৱশ্যে চুমি বৰাক ফুৰাবলৈ নিলেও খৰচ হ’ব অসম পুলিচৰ৷
তদন্তৰ নীতি অনুসৰি অপৰাধ সংঘটিত কৰা স্থানলৈ অভিযুক্তক আৰক্ষীয়ে লৈ যায়৷ সেই ঠাইত স্বীকাৰোক্তি অনুসৰি অভিযুক্তই কেনেদৰে অপৰাধ কৰিছিল সেয়া প্ৰদৰ্শন কৰে৷
গতিকে চুমি বৰাক অসম পুলিচে প্ৰথমে ডুবাইলৈ লৈ যাব লাগিব৷ বিশাল ফুকনৰ সৈতে কি কথা পাতিছিল সেয়া জানিবলৈ চুমিক আৰক্ষীয়ে বুৰ্জ খলিফাৰ ২৮ লাখটকীয়া ৰূমলৈ নিব লাগিব৷ কাৰণ তাতে বিশালৰ সৈতে কেবাদিনো আছিল নৰ্তকী চুমি৷
তাৰ পিছত চুমিক নিব লাগিব উদয়পুৰলৈ৷ ডেষ্টিনেশ্যন ৱেডিঙৰ ঠাইলৈ চুমি আৰু তাৰ্কিকক আৰক্ষীয়ে লৈ যাব লাগিব৷ তদন্তৰ ভাষাত এই পন্থাক ছিন ৰিক্ৰিয়েশ্যন বুলি কোৱা হয়৷ গতিকে তদন্তৰ বাবেই আৰক্ষীয়ে চুমিক সম্ভৱতঃ ফুৰাবলৈ লৈ যাব৷
অৱশ্যে চুমিক অকলে নিব নালাগে আৰক্ষীয়ে৷ লগে লৈ যাব পাৰিব বিশাল ফুকন আৰু আদিত্যমক৷
কিছুদিন পূৰ্বে ছিন ৰিক্ৰিয়েশ্যনৰ সময়তে পুখুৰীত পৰি নিহত হৈছিল ধিঙৰ পাষণ্ড৷ এতিয়া তদন্তৰ বাবে চুমিকো ফুৰাবলৈ নিয়াৰ খবৰলৈ সকলো ৰৈ আছে৷ মুঠতে সোনকালে পুলিচে ফুৰাবলৈ লৈ যাওক চুমিক৷ লগতে যাওক বিশাল ফুকন৷