কেতিয়াও সভাপতি নহ’ব!

আছুৰ পৰা শংকৰজ্যোতি ওলাই গ’ল, কিন্তু সমানে বিপদ চমু চাপিল এজন বিজেপি বিধায়কৰ৷ তেওঁ হৈছে টেৰছ গোৱালা৷ শংকৰজ্যোতিৰ দৰেই পূৰ্বে ছাত্ৰনেতা আছিল টেৰছ গোৱালা৷ বিধায়ক হোৱাৰ পূৰ্বে তেওঁ আছিল আটছাৰ নেতা৷ কিন্তু দুলীয়াজানৰ ছাত্ৰনেতা বিধায়ক টেৰছৰ কেৰিয়াৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে আছুত্যাগী শংকৰজ্যোতিয়ে৷ এটা কথা নিশ্চিত, আছুৰ পৰা আগতীয়া প্ৰস্থানৰ ফলত শংকৰজ্যোতিৰ ৰাজনৈতিক যাত্ৰাও সময়তকৈ আগতেই আৰম্ভ হ’ব৷ অহা নিৰ্বাচনৰ সময়তহে শংকৰজ্যোতিয়ে আছু ত্যাগ কৰি বিজেপিত নামভৰ্তি কৰিব বুলি চৰ্চা চলি আছিল৷ কিন্তু নাৰী কেলেংকাৰিৰ অভিযোগৰ ফলত তেওঁ এতিয়াই বিজেপিত যোগ দিয়াৰ কথা ওলাইছে৷ খবৰ অনুসৰি অভিযোগৰ চৰ্চা তল পৰিলেই শংকৰজ্যোতিয়ে বাজপেয়ী ভৱনত শৰণ ল’ব৷ কিন্তু তাৰ পিছতে তেওঁ আৰম্ভ কৰিব লাগিব নিৰ্বাচনৰ প্ৰস্তুতি৷ জানিব পৰা মতে শংকৰজ্যোতিৰ পছন্দৰ সমষ্টি হৈছে দুলীয়াজান৷ তেওঁ সমষ্টিটোৰ দাবীদাৰ বুলি বিজেপি নেতৃত্বক আগতেই কাণ চোৱাই থৈছে৷ সেইবাবেই দুলীয়াজানত চাইকেল বিলাই আছে শংকৰজ্যোতিয়ে৷ কিন্তু সমষ্টিটোত এতিয়া বিধায়ক হৈ আছে ছৰ্ট টেম্পাৰ বুলি পৰিচিত টেৰছ গোৱালা৷ সহজে খং উঠা গোৱালা দুলীয়াজানৰ জনগাঁথনিৰ ফলত জিকি গৈছিল৷ কাৰণ দুলীয়াজানৰ সৰহসংখ্যক ভোটাৰেই হৈছে চাহ জনজাতিৰ৷ পিছে অহাবাৰলৈ টেৰছৰ স্থানত টিকট দিব বুলি শংকৰজ্যোতিকো আশ্বস্ত কৰিছিল বিজেপিৰ প্ৰভাৱশালী মহলে৷ গতিকে যদি শংকৰজ্যোতিয়ে এতিয়াই বিজেপিত প্ৰৱেশ কৰে তেন্তে ধ্বংস হ’ব টেৰছৰ কেৰিয়াৰ৷

       আছু কৰি থকাৰ সময়ত অসমত পীয়ুষ হাজৰিকাৰ তুলনাত অধিক প্ৰভাৱশালী আছিল তপন গগৈ৷ সেইজন তপন গগৈ বৰ্তমান বিজেপিত পীয়ূষৰ জুনিয়ৰ৷ আছুৰ সাধাৰণ সম্পাদক হিচাপে তপন গগৈৰ মাত্ৰ এটা আহ্বানতে পথলৈ ওলাই আহিছিল হাজাৰ-বিজাৰ ছাত্ৰকৰ্মী৷ কিন্তু এতিয়া তপন গগৈ নিমাত৷ কিন্তু তাহানিৰ যুৱ কংগ্ৰেছৰ জুনিয়ৰ পীয়ূষৰ অধীনতে কাম কৰিছে তপনে৷ যদি পৰ্যৱেক্ষণ কৰা যায় তেন্তে ছাত্ৰ সংগঠনৰ শীৰ্ষ পদৰ পৰা ৰাজনীতিত যোগ দিয়া গৰিষ্ঠভাগ নেতাই কিন্তু ৰাজনীতিত ছেকেণ্ড ইন-কমাণ্ড হৈয়েই থাকিবলগীয়া হৈছে৷  এইদিশত ব্যতিক্ৰম কেৱল প্ৰফুল্ল কুমাৰ মহন্ত আৰু সৰ্বানন্দ সোণোৱালহে৷ এইদিশেৰে বিবেচনা কৰিলে বৰ্তমানৰ মন্ত্ৰী অতুল বৰা আকু কেশৱ মহন্তৰ কথাই ক’ব পাৰি৷ আছুৰ সভাপতি আৰু সাধাৰণ সম্পাদক হিচাপে দুয়োজন আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসৰ আৱাসী৷ সেই সময়ত হিমন্ত বিশ্ব শৰ্মা আছিল অখ্যাত নেতা৷ কিন্তু এতিয়া তাহানিৰ আছুৰ সভাপতি-সম্পাদক হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট সতীৰ্থহে৷ নামনি অসমত আকৌ অসম আন্দোলনৰ নেতৃত্ব বহন কৰিছিল ফণীভূষণ চৌধুৰীয়ে৷ তেওঁৰ তুলনাত বহুগুণে সৰু নেতা আছিল চতিয়াৰ পদ্ম হাজৰিকা৷ সেই পদ্ম হাজৰিকাক মুখ্যমন্ত্ৰীয়ে কেবিনেট মৰ্যাদা প্ৰদান কৰিলে৷ কিন্তু জ্যেষ্ঠ ফণীভূষণ হৈ থাকিল কেৱল বিধায়ক, আৰু বৰ্তমান সাংসদ৷  এনে উদাহৰণ আৰু বহুত আছে৷ এসময়ত ছাত্ৰ সংগঠনৰ নেতা হিচাপে ৰাজ্যজুৰি প্ৰভাৱ বিস্তাৰ কৰা নেতা ৰাজনৈতিক দলত যোগদানৰ পিছতে হৈ পৰিবলগীয়া হৈছে কোঙা৷   

   সভাপতি হ’লেই বিপদ৷ কিন্তু সাধাৰণ সম্পাদক হ’লে সফল৷ এয়াই হৈছে অসমৰ ছাত্ৰ ৰাজনীতি আৰু ৰাজনীতিৰ মাজৰ আশ্বৰ্যকৰ সংযোগ৷ আচৰিত যেন লাগিলেও সত্য যে অসমৰ বিভিন্ন ছাত্ৰ সংগঠনত সভাপতি হিচাপে কাৰ্যনিৰ্বাহৰ গৰিষ্ঠসংখ্যক নেতাই  ৰাজনীতিত বিফল হৈছে৷ কিন্তু সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত তেওঁলোকে  অৰ্জন কৰিছে সাফল্য৷ এই আচৰিত সংযোগৰে প্ৰথম উদাহৰণ হৈছে  তপন কুমাৰ গগৈ৷ এসময়ৰ আছুৰ সাধাৰণ সম্পাদগৰাকী প্ৰথম বিধায়ক হৈ মন্ত্ৰী হ’ল৷ তাৰ পিছত তেওঁ হ’ল সাংসদ৷ কিন্তু তপন গগৈৰ কাৰ্যকালৰে সভাপতি শংকৰ প্ৰসাদ ৰায় ৰাজনীতিত সম্প্ৰতিও বিফল| তেওঁ এতিয়া কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰি সংস্থাপিত হৈছে৷ আছুৰে প্ৰাক্তন সভাপতি  প্ৰবীণ কুমাৰ বড়োও বৰ্তমানলৈ ৰাজনৈতিকভাৱে বিফল| শেহতীয়াকৈ BPF এৰি তেওঁ কংগ্ৰেছত আৰম্ভ কৰিছে ৰাজনৈতিক ইনিংছ৷ একেদৰে ৰাজনীতিত কোনো সফলতা অৰ্জন কৰিব  পৰা নাই বিশ্বজিৎ ৰায়ে৷ কোঁচ-ৰাজবংশী ছাত্ৰনেতা হিচাপে বিগত সময়ত নামনি অসমত তেওঁৰ আছিল ব্যাপক প্ৰভাৱ৷ আক্ৰাছুৰ সভাপতি হিচাপে তেওঁ দীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁৰ কাৰ্যকালৰ সময়তে দুভাগত বিভক্ত হৈছিল আক্ৰাছু৷ কিন্তু ইমান প্ৰভাৱশালী হোৱাৰ পিছতো ৰাজনীতিত  সফল হোৱা নাই বিশ্বজিৎ ৰায়৷ বড়োভূমিতো এবছুৰ সভাপতি পদৰ পৰা ৰাজনীতিত প্ৰৱেশ কৰা সফল হৈছে কেৱল প্ৰমোদ বড়োহে৷ সংগঠনটোৰ পূৰ্বৰ সভাপতি ৰবিৰাম নাৰ্জাৰী ৰাজনীতিৰ দৃশ্যপটত হৈ পৰিছে অদৃশ্য| বিগত সময়ত ছাঞ্চুমা খুংগুৰ বিছমূতিয়াৰী, লৰেঞ্চ ইছলাৰী অথবা ৰণগৌৰা নাৰ্জাৰীৰ দৰে নেতাই এবছুৰ সাধাৰণ সম্পাদক হৈ ৰাজনীতিত সফল হৈছিল৷ কিন্তু তেওঁলোকৰ কাৰ্যকালৰে সভাপতিসকল হৈ পৰিছে নিৰুদ্দিষ্ট৷ তদুপৰি বৰ্তমানলৈ মন্ত্ৰী-বিধায়ক হ’ব নোৱাৰিলেও অসমৰ ৰাজনীতিত দপদপাই আছে  আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে৷ কিন্তু নিষ্প্ৰভ হৈ পৰিছে প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ৷ অৱশ্যে সেইখন তালিকাত নাম সুমুৱাব নোৱাৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ৷ কিন্তু পূৰ্বৰ ধাৰা আছুৰ বৰ্তমানৰ সাধাৰণ সম্পাদক হিচাপে শংকৰজ্যোতি বৰুৱাৰ বাবে সুচল হৈ আছে ৰাজনীতিত প্ৰৱেশৰ পথ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email