খিলঞ্জীয়াক আঁঠু কাঢ়ি সেৱা কৰা মাৰোৱাৰীয়ে চাহিদা বৃদ্ধিৰ সময়তে বঢ়াই দিলে বুটৰ দাম৷
অসমত খেতি নোহোৱা বুটৰ বছৰৰ আনসময়ত বিশে চাহিদাও নাথাকে৷ গতিকে সাধাৰণ হাৰতে আহি থাকে বুট৷ কিন্তু ভাদ মাহত বুটৰ চাহিদা বৃদ্ধি হয়৷ অসমত সবাতোকৈ অধিক চাহিদা থকা সামগ্ৰী হৈ পৰে বুট৷
গতিকে সুবিধা বুজি ভাদ মাহতে বুটৰ দাম বঢ়াই দিলে মাৰোৱাৰীয়ে৷ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি প্ৰতিকেজি বুটৰ দাম ৮৮ টকাৰ পৰা ১০৭ টকালৈ বঢ়ায়েই দিলে কেঞাগোলাই৷
কিন্তু দাম বঢ়াবলগীয়া পৰিস্থিতি যে সৃষ্টি হোৱা নাই সেয়াও নিশ্চিত৷ কাৰণ পূৰ্বৰ দৰেই গতিকে ট্ৰাক আৰু ৰে’লত অসমলৈ আহি আছে বুট৷
মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ পৰা বুটা অসমলৈ আনি থকা হৈছে৷ যিহেতু ঘৰুৱা উৎপাদন নাই সেয়ে বাহিৰৰ পৰাই বুট প্ৰতিবাৰে সৰবৰাহ কৰা হয়৷
কিন্তু এইবাৰ সুযোগ বুজি বুটৰ দাম সৰ্বাধিক কৰিলে ব্যৱসায়ীয়ে৷ ইতিমধ্যে সকলো চহৰতে বুটে চেঞ্চুৰী কোবালে৷
বেপাৰীয়ে জনোৱা মতে ফাঁচীবজাৰৰ পৰা সৰহীয়া হাৰত বুট এৰি দিয়া নাই৷ ফলত বাঢ়িয়েই আছে দাম৷ কিছুদিনৰ পিছত হয়তো ১২০ টকালৈয়ো বাঢ়িব পাৰে বুটৰ দাম৷