শুনক,
মাছ, কাঠ, কয়লা, ব্ৰইলাৰ, চীনা আপেল
উস…
মুঠতে কৈ কৈ শেষ কৰিব নোৱাৰি৷ ওপৰত উল্লেখ কৰা কেইবিধ সামগ্ৰীৰে নহয়, অসমত চলি আছে ২২ বিধ সামগ্ৰীৰ ছিণ্ডিকেট৷
হয়, অসমত এতিয়া ২২টা ছিণ্ডিকেট চলি আছে৷ ২২ বিধ মাল কঢ়িওৱা গাড়ীৰ পৰা বেচৰকাৰী টেক্স কলেকশ্যন চলি আছে৷
কিন্তু এই কথাটো দি্ল্লীয়ে গম পাইছে৷ RSSৰ শীৰ্ষস্থানীয় এজন নেতাই অসমৰ ছিণ্ডিকেটৰাজৰ বিষয়ে লিখিত আকাৰে দিল্লীলৈ পঠিয়াই দিছে প্ৰতিবেদন৷
প্ৰায় এসপ্তাহৰ আগতে দিল্লীৰ নিৰ্দেশ অনুসৰি অসমৰ ছিণ্ডিকেট গণনা কৰিছিল সংঘৰ শীৰ্ষস্থানীয় নেতাজনে৷ তাৰ পিছতে তেওঁ দিল্লীক জনালে- অসমত চলি আছে ২২টা ছিণ্ডিকেট৷ গৰু, ছাগলী, ব্ৰইলাৰৰ পৰা গাহৰিলৈ সকলো সামগ্ৰী কঢ়িওৱা গাড়ীয়ে দিছে গুণ্ডাটেক্স৷ পৰিস্থিতি আকৌ প্ৰফুল্ল মহন্তৰ দিনৰ দৰেই হৈ পৰিছে দিল্লীক জনাই দিছে RSS নেতাজনে৷
তেওঁৰ প্ৰতিবেদন সংঘৰ নাগপুৰৰ অফিচলৈয়ো প্ৰেৰণ কৰা হৈছে৷ দিল্লীৰ বিজেপি কাৰ্যালয়ৰ উপৰি প্ৰধানমন্ত্ৰীয়ও পাইে অসমত চলি থকা কালেকশ্যনৰ বতৰা৷ তেওঁ জনাইছে- শ্ৰীৰামপুৰ গে’ট আকৌ আগৰ দৰেই ভোগালী হৈ পৰিছে৷ সোণোৱালৰ দিনত নিজম পৰা শ্ৰীৰামপুৰ গে’টত কালেকশ্যন হৈছো কোটি কোটি টকা৷
প্ৰতিবেদনত অসমৰ কেবাগৰাকী প্ৰভাৱশালী নেতাৰ নামো সন্নিৱিষ্ট হৈছে৷ কিন্তু এতিয়া বিশেষকৈ ওলাইছে BTRৰ অৰূপ কুমাৰ দে’ নামৰ নেতাজনৰ কথা৷ হঠাতে বড়োভূমিত ৰাজনৈতিক উত্থান ঘটা বাঙালী নেতা অৰূপৰ বিষয়ে প্ৰতিবেদন নোট দিছে RSSৰ নেতাই৷
প্ৰমোদ বড়োক আঁতৰাই অৰূপে যে ছিণ্ডিকেট দখল কৰিছে সেয়াও জনাই দিছে দিল্লীক৷ ২২ প্ৰকাৰৰ ছিণ্ডিকেটৰ কথাও লিখি দিয়া প্ৰতিবেদনৰ ভিত্তিত দিল্লীৰ পৰা আহিছে নিৰ্দেশনা৷ এই বিষয়ে প্ৰকাশ কৰিব সবিশেষ তথ্য?