প্ৰেয়সীৰ ফটো উঠালেই জে’ল

ফটো মাৰিলেই বিপদ হ’ব কিন্তু৷ আমি কৈ দিছোঁ, প্ৰেমিকাৰ ফটো নুতুলিব৷
এতিয়া সকলো ফচিছে প্ৰেমিকাৰ কথা শুনি৷ প্ৰেয়সীৰ আবদাৰ পূৰণ কৰিবলৈ গৈয়েই কোনোবাই পদত্যাগ কৰিবলগীয়া হৈছে, কোনোবা আকৌ জে’লত সোমাইছে৷
সকলো ঠিকেই চলি আছিল৷ কিন্তু এগৰাকী গায়িকাৰ জন্মদিন পাতিবলৈ গৈয়েই সৰ্বনাশ হ’ল শংকৰজ্যোতি বৰুৱাৰ৷ অভিযোগ অনুসৰি ৭ জুলাইত গায়িকাগৰাকীক লগত লৈয়েই কাশ্মীৰলৈ গৈছিল বৰুৱা৷
তেতিয়া তেওঁ গায়িকাৰ আবদাৰ শুনি তুলি দিছিল কেবাখনো ফটো৷ বহুদূৰত জন্মদিনৰ পাৰ্টী কৰি শংকৰজ্যোতিয়ে তুলি দিছিল কেবাখনো ফটো৷ সেই ফটোৱেই প্ৰেয়সী গায়িকাই ফে’চবুক আৰু ইনষ্টাগ্ৰামত আপলোড কৰিছিল৷
কিন্তু ফটোকেইখনেই শংকৰজ্যোতিৰ কাল হ’ল৷ তাৰ পিছতে লিলিমাইৰ বিষয়ে জানিলে পুৰণি প্ৰেয়সীয়ে৷ শেষত বদনামী হ’ল শংকৰজ্যোতি৷
আনহাতে আনৰ ফটো তুলি থকাৰ সময়ত ঠিকেই আছিল তপন ওৰফে তাৰ্কিক৷ কিন্তু দূৰত বিয়া পাতি যেতিয়া তেওঁ পত্নীৰ কথা শুনিলে তেতিয়াই ঘমঃঘণ্ট লাগিল৷
পত্নীৰ ফটো তুলি তুলি তাৰ্কিক জে’লত সোমাল৷ তপন নামৰ চিধা-চিধি ল’ৰাটো ঠিকেই আছিল৷ তাৰ্কিক হৈহে হ’ল সৰ্বনাশ৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email