ৰেৱাজ ভালকৈ কৰিবা…
প্ৰফুল্ল মহন্তই উপদেশ দিছিল এগৰাকী মহিলাক৷ সেইগৰাকী মহিলাৰ নাম আছিল সংঘমিত্ৰা ভৰালী৷ বহুতে সংঘমিত্ৰাৰ কথা পাহৰি গৈছে, কিন্তু বহুতে পাহৰা নাই৷
প্ৰফুল্ল মহন্তৰ অন্তিমটো কাৰ্যকালত বৰকৈ ওলাইছিল সংঘমিত্ৰা ভৰালীৰ কথা৷ সঁচা বা মিছা যিয়েই নহওক, কথাটোৱে ৰাজনৈতিকভাৱে ক্ষতি কৰিছিল মহন্তৰ৷
তাৰ পিছতে মহন্তৰ দৰে গহীন-গম্ভীৰ নেতা এজনকো সকলোৱে ঠাট্টা কৰিবলৈ লৈছিল৷ নষ্ট হোৱা ইমেজ আজিকোপতি মহন্তই উদ্ধাৰ কৰিব নোৱাৰিলে৷ মহন্তৰ আগতেই নাৰী কেলেংকাৰিয়ে সৰ্বনাশ কৰিছিল মন্ত্ৰী দ্বিগেন বৰাৰ৷ শয্যাসংগীৰ সৈতে ধৰা পৰা দ্বিগেন বৰাৰ কেৰিয়াৰ নাৰীপ্ৰেমেই শেষ কৰিছিল৷
জাতীয়তবাদী শিবিৰ নাৰীৰ অভিশাপৰ পৰা আজিও মুক্ত নহ’ল৷ এইবাৰ পুৰণি অভিশাপৰ চিকাৰ হ’ল শংকৰজ্যোতি বৰুৱা৷ আছুৰ সাধাৰণ সম্পাদকৰ পদেই শেষত তেওঁ ত্যাগ কৰিবলগীয়া হ’ল৷
আচৰিতভাৱে মহন্তৰ তাহানিৰ চৰ্চিত প্ৰেমিকাও আছিল গায়িকা৷ একেদৰে শংকৰজ্যোতি বৰুৱাৰ সৈতেও নাম সাঙোৰ খাইছে এগৰাকী গায়িকাৰ৷
শংকৰজ্যোতিৰ প্ৰেয়সী বুলি বহুতে আখ্যা দিয়া গায়িকাও সংঘমিত্ৰাৰ দৰেই বহুচৰ্চিত৷ মহন্ত আৰু শংকৰজ্যোতিৰ এয়াই সাদৃশ্য৷ কিন্তু মহন্ত মুখ্যমন্ত্ৰী হোৱাৰ পিছত ওলাইছিল কেলেংকাৰিৰ কথা, পিছে শংকৰজ্যোতি ছাত্ৰ সংগঠনত থাকোতেই হ’ল কলংকিত৷