নেত্ৰকায়ে কোৱাটোৱেই সঁচা,
নাৰী ছলনাময়ী,
ছলনাময়ী চুমিয়ে অতদিনে পুলিচক নগুৰ-নাকতি বাজ কৰিলে৷ শেষত ধৰা দিলে৷ কিন্তু ছলনাময়ী চুমিয়ে অসম পুলিচকে কৰি দিলে থান-বান৷ চুমিৰ বাবেই সম্পৰ্ক বেয়া হ’ল কেবাজনো বিষয়াৰ৷ কাৰণ এতিয়া প্ৰশ্ন উঠিছে
আচলতে কোনো ধৰিলে নাচনি চুমিক?
চুমিয়ে আত্মসমৰ্পণ কৰিছে যদিও বিভিন্ন উৎসৰ জৰিয়তে প্ৰবল হেঁচাৰ বাবেই যে বশ্যতা স্বীকাৰ কৰিলে সেয়াও খাটাং৷ কিন্তু অসম পুলিচৰ কেবাগৰাকীও বিষয়াই সম্প্ৰতি দাবী কৰিছে চুমিক দমন কৰাৰ কৃতিত্ব৷
এফালে তদন্তকাৰী হিচাপে ডিব্ৰুগড় পুলিচে ক্ৰেডিট বিচাৰিছে৷ কঠোৰ আৰু ক্ষিপ্ৰ তদন্তৰ বাবেই চুমিয়ে আত্মসমৰ্পণ কৰা বুলি দাবী কৰিছে ডিব্ৰুগড় পুলিচৰ বিষয়াই৷
কিন্তু ডিজিপি জিপি সিঙে ইতিমধ্যে কৃতিত্ব প্ৰদান কৰিছে স্পেচিয়েল টাস্ক ফ’ৰ্চক৷ ছ’চিয়েল মিডিয়াৰ প’ষ্টতো তেওঁ STFয়ে চুমিক বিচাৰি পোৱা বুলি দাবী কৰিছে৷
আনহাতে কেবাখনো জিলাৰ আৰক্ষী ট্ৰেডিং কেলেংকাৰিৰ তদন্তৰ সৈতে জড়িত আছে৷ তেওঁলোকেও দাবী কৰিছে কৃতিত্ব৷ গতিকে চুমিৰ ছাৰেণ্ডাৰো অসম আৰক্ষীৰ বাবে সুখদায়ক হৈ থকা নাই৷
তেওঁক কোনে ধৰিলে তাক লৈয়ে বিবাজিত হৈ পৰিছে অসম পুলিচ৷ আৰম্ভ হৈছে ইগ’ বেটেল৷