মিঞাৰ সম্পত্তি বাঢ়িছে, ক্ৰমে শক্তিশালী হৈছে অৰ্থনীতি

মিঞাৰ ঘৰত হাজিৰা কৰিব লাগিব অসমীয়াই৷ আৰু বেছিদিন নাই, অসমৰ খিলঞ্জীয়াই পেট প্ৰৱৰ্তনৰ বাবে মিঞাৰ ঘৰে ঘৰে কৰিবই লাগিব কাম৷
আমি অনুমানতে এই কথাষাৰ কোৱা নাই৷ সম্পূৰ্ণ তথ্যৰ ভিত্তিত কৈছোঁ অসমীয়া ভৱিষ্যতে মিঞাৰ অধীন হ’ব৷ অসমৰ অ্থনৈতিক শক্তি সম্পূৰ্ণ দখল কৰিব কৰ্মদক্ষ মিঞাসকলে৷
বিগত কিছুদিনধৰি আমি নামনিৰ দুখন জিলাৰ মিঞা বাসিন্দাৰ অৰ্থনৈতিক অৱস্থাৰ বিষয়ে নিজা সমীক্ষা চলাইছিলোঁ৷ উক্ত অধ্যয়ন সময়ত আমি লাভ কৰা তথ্য অনুসৰি দিন মজুৰি কৰা শ্ৰমিকৰ পৰা আৰ্থিক উন্নতি ঘটিছে মিঞা পৰিয়ালৰ৷
কিছুবছৰৰ ভিতৰতে ২০ লক্ষাধিক মিঞা পৰিয়াল দৰিদ্ৰৰ পৰা মধ্যবিত্তৰ পৰ্যায়লৈ উন্নত হৈছে৷ দিন হাজিৰা কৰা মিঞা শ্ৰমিকে নিজাববীয়া ব্যৱসায় আৰম্ভ কৰিবলৈ সক্ষম হৈছে৷
এই ২০ লাখৰ ভিতৰত আকৌ ৩ শতাংশ উচ্চ মধ্যবিত্ত৷ অৰ্থাৎ তেওঁলোকে ঘৰ সাজিও বেংকত ৪০ লাখ টকা জমা কৰিবলৈ সক্ষম হৈছে৷
মিঞা মধ্যবিত্তৰ উত্থানৰ কাৰণ হৈছে তেওঁলোকৰ শ্ৰমৰ ক্ষমতা৷ বিভিন্ন কামত দক্ষতাৰ বাবে তেওঁলোকে অসমীয়া বনুৱাৰ তুলনাত অধিক ধন উপাৰ্জন কৰিছে৷
শাক-পাচলিৰ খেতি কৰিয়েই বাছ কিনিছে মিঞা বেপাৰীয়ে৷ গতিকে এতিয়া মিঞা খেদাৰ আন্দোলন কৰি লাভ নাই৷ কিছুদিন পিছত মিঞাৰ ঘৰতে হাজিৰা কৰিবই লাগিব অসমীয়াই৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email