ধান খাই মুৰ্গী ক’ত যাব?
বান্ধি থোৱা কুকুৰা যদি পলায়ো যায় তেন্তে আন্ধাৰ হোৱাৰ লগে লগে আকৌ আগৰ ঠাই পাবহিয়েই৷ কাৰণ ধান খাই মুৰ্গী পলাব নোৱাৰে৷
অসম আৰক্ষীয়েও এতিয়া তেনেকৈয়েই ভাবিবলৈ লৈছে৷ অভিযুক্ত পলাই থকাৰ সময়ত আৰক্ষীয়ে বেছি বিচাৰ-খোচাৰ নকৰে৷ পলাই থাকি আমনি লাগিলে ধৰা দিবই- গতিকে বিচাৰি শক্তি খৰচ নকৰে আৰক্ষীয়ে৷
ধান খোৱা মুৰ্গী পলাবই নোৱাৰে যেতিয়া পুলিচেও বেছি কষ্ট নকৰে৷ চুমি বৰাৰ ক্ষেত্ৰতে এই কথাটো আঙুলিয়াই দিব পাৰি৷
নাচনী চুমিয়ে টীয়কত আত্মগোপন কৰিয়েই আৰক্ষীক নচুৱাই থাকিল৷ পুলিচেও বিচাৰি আছোঁ বুলি কৈয়েই দায়িত্বৰে সামৰণি মাৰিলে৷ কিন্তু বিচাৰিলেনে নিবিচাৰিলে সেয়াও সন্দেহৰ কথা৷
ফেব্ৰুৱাৰীতে চৰম পন্থা লোৱা বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ ক্ষেত্ৰতো একেই কাণ্ড হৈছে৷ তেওঁৰ মৃত্যুৰ অভিযুক্ত কুলদ্বীপ কেবামাহো পলাই থাকিল৷ ঘগ্ৰাপাৰাতে লুকাই থাকিল কুলদ্বীপ৷
পুলিচেও বৰ বেছি বিচাৰ-খোচাৰ নকৰিলে৷ শেষত কুলদ্বীপো ধৰা পৰিল৷
মুঠতে অপৰাধীক বিচাৰি কষ্ট কৰাৰ সলনি অসম পুলিচে ৰিলেক্স কৰিছে৷ নাচনি চুমি অথবা কুলদ্বীপে ধৰা দিছেই যেতিয়া আৰাম কৰিছে আৰক্ষীয়ে৷