ঠগ আছে, ঠগ খোৱা মানুহহে নাই

আচৰিত কথা,
প্ৰতাৰক আছে, প্ৰৱঞ্চিত নাই৷ ঠগ আছে, কিন্তু ঠগ খোৱা মানুহ ওলোৱা নাই৷ কথাটো আচৰিত যেন লাগিলেও কিন্তু সত্য৷
এই যে খবৰ ওলাই আছে বিশাল ফুকনৰ প্ৰবঞ্চনাৰ, তেওঁৰ বিৰুদ্ধে কিন্তু কোনেও ক’তো এটা গোচৰো ৰুজু কৰা নাই৷ আৰক্ষীয়ে নিজা গোচৰ তৰিহে বিশালক গ্ৰেপ্তাৰ কৰিছিল৷ সেই গোচৰৰ ভিত্তিতে জেৰা কৰি শেষত জে’ললৈ পঠিয়াই দিলে৷
অন্যথা অসমৰ কোনো এখন থানাতে বিশাল ফুকন অথবা চুমি বৰাই প্ৰবঞ্চনা কৰা বুলি কোনেও কে’ছ দিয়া নাই৷
অৰ্থাৎ প্ৰবঞ্চকহে আছে, প্ৰবঞ্চনাৰ বলি হোৱা মানুহ ওলোৱা নাই৷ কিন্তু কিয় এনে হৈছে, আৰক্ষীৰ মতেই হাজাৰ বিজাৰ মানুহৰ কোটি কোটি টকা ইতিমধ্যে আত্মসাৎ কৰিছে বিশালে৷
কথাটো হৈছে বিশাল ফুকনক এগুণ টকা দুগুণ কৰিবলৈ দিয়া সকলো আছিল সৰু-সুৰা চোৰ৷ তেওঁলোকে উপাৰ্জিত ধনৰ বিনিময়ত নিৰ্ধাৰিত কৰ দিয়া নাছিল৷ বক্ৰপথেৰে উপাৰ্জিত ধন তেওঁলোকে বিশাল ফুকনৰ হাতত দিছিল৷
এদিনতে কোটিৰ ঘৰত টকা উপাৰ্জন কৰা লোকসকলে বিশালৰ জৰিয়তে আছলতে সুৰক্ষিত স্থানতহে থৈ দিছিল ধন৷ বিশাল ইনভেষ্টৰৰ সলনি তেওঁলোকৰ বাবে আছিল ছুইছ বেংক৷
বিশালে ৰত্নাকৰৰ দৰে সকলোৰে পাপৰ ভাগ লৈছিল৷ কিন্তু কোনেও এতিয়া বিশালৰ পাপৰ ভাগ নোলোৱা হ’ল৷ লাগিলে পইচাই নালাগে, তথাপি বিশালৰ বিৰুদ্ধে কোনেও নিদিলে গোচৰ৷
গতিকে খাই কাৰ্শলা গছত উঠিল, কাঠীচেলেকাৰ মৰণ মিলিল৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email