আছু জাতীয় সংগঠন নহয়!

আমি প্ৰথমেই জনাও কোনো স্বয়ম্ভু বুদ্ধিজীৱীয়ে ব্যক্ত কৰা প্ৰপাৰ আছামৰ ধাৰণাক আমি সমৰ্থন নকৰো৷ পিছে আমি কেইটামান প্ৰশ্ন উত্থাপন কৰিবলৈ বিচাৰিছোঁ৷ অসমীয়াৰ জাতী়য় সত্তাৰ বিষয়ক আলোচনা তুংগত উঠাৰ সময়তে আমি দৰ্শকৰ পৰা আচলতে বিচাৰিছো উত্তৰ৷ কিছুদিন পূৰ্বে ৰঙিয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অদিৱেশন অনুষ্ঠিত হৈছিল৷ সূচী অনুসৰি পৰৱৰ্তী অধিৱেশন হ’ব যোৰহাটত৷ তাৰ পিছত শোণিতপুৰ জিলাত পতা হ’ব বিশেষ অধিৱেশন৷ কিন্তু এছিয়াৰে সৰ্ববৃহৎ আধ্যাত্মিক সংগঠনটোৱে এইপৰ্যন্ত ধুবুৰীত অধিৱেশন পাতিবলৈ সাহস কৰা নাই৷ এবাৰো কোকৰাঝাৰত অনুষ্ঠিত হোৱা নাই অধিৱেশন৷ কিন্তু কাগজে-পত্ৰই শংকৰ সংঘক কোৱা হয় জাতীয় সংগঠন বুলি৷ অৱশ্যে কেৱল শংকৰদেৱ সংঘৰ কথাকে আমি ক’বলৈ বিচৰা নাই৷ তিনি জাতীয় সংগঠন অসম সাহিত্য সভা, শংকৰদেৱ সংঘ আৰু সদৌ অসম ছাত্ৰ সন্থাই আয়োজন কৰা অধিৱেশনবোৰৰ স্থানলৈ মন কৰিবচোন৷ গম পাব এইসমূহৰ বিচৰণ ক্ষেত্ৰ ক্ৰমে সংকুচিত হৈ আহিছে। এতিয়া উজনি অসমতে অধিৱেশন পাতি থকা অসম সাহিত্য সভাই ছিলঙতো বাৰ্ষিক অধিবেশন পাতিছিল৷ ১৯৮৮ চনত হাইলাকান্দি আৰু ১৯৯৭ চনত বিলাসীপাৰাত অনুষ্ঠিত হৈছিল অধিৱেশন৷ ২০০৭ চনত আকৌ চাপৰত বিশেষ অধিৱেশন অনুষ্ঠিত হৈছিল৷ কিন্তু আজিৰ তাৰিখত কোকৰাঝাৰ, গোৱালপাৰা, হাফলং আদিত অধিৱেশন পাতিব পৰাকৈ কোনো এটা জাতীয় সংগঠনৰে সাংগঠনিক ভেটী নাই৷ সদৌ অসম বুলি লিখে যদিও আছুৱে ধুবুৰী, হাফলং বা কোকৰাঝাৰত বাৰ্ষিক অধিবেশন পাতিব নোৱাৰে৷ মুঠতে জাতীয় সংগঠনসমূহে বিশ্ব দৰবাৰলৈ যোৱাৰ আগেয়ে অসমখনতে বিচৰণ কৰিবলৈ পৰাটো দৰকাৰ৷ অন্যথা গৈ গৈ যোৰহাট, শিৱসাগৰ, নগাঁৱতে অধিৱেশন পাতি থাকিব লাগিব৷ শংকৰ সংঘ, আছু আৰু সাহিত্য সভাই নিজৰ বিচৰণ পৰিসীমা বৃ্দ্ধিৰ বাবে ল’ব লাগিব সংস্কাৰৰ পদক্ষেপ৷ ভাষিক জাতীয়তাবাদ নাকচ কৰি সংকীৰ্ণ স্বাৰ্থত অভ্যন্তৰত সোমোৱাসকলকো প্ৰতিহত কৰিব লাগিব সংগঠনসমূহে৷ অন্যথা বৰাক বাদেই, ব্ৰহ্মপুত্ৰ উপত্যকাৰ বহু জিলাতো শূন্য হৈ পৰিব জাতীয় সংগঠনৰ ভেটী৷ বংগৰ পৰা আহি অসমত অনুকূল উৎসৱ পাতি যোৱা বাঙালীৰ পৰা শিকিব লাগিব এইসমূহ সংগঠনে৷ নহ’লে জাতীয় সংগঠনৰ বিশেষণো স্বেচ্ছাই এৰিব লাগিব AASUয়ে৷

Please follow and like us:
Pin Share

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *

RSS
Follow by Email