ছলমান খানক নি:সংগতাৰ সাগৰত বুৰাই গুচি গৈছিল ঐশ্বৰ্য৷ হাজাৰ ভালপোৱাৰেও প্ৰেয়সী ঐশ্বৰ্যক ধৰি ৰাখিব নোৱাৰি ছলমান হৈ পৰিছিল উদাসীন৷ তেওঁৰ বুকুত বাহ সাজিছিল দুখৰ চৰায়ে৷
তাৰ পিছত একাকীত্বকে পছন্দ কৰা হ’ল ছলমানে৷ ঐশ্বৰ্যই ৰিক্ত কৰি যোৱা বুকুত আৰু কাকো ঠাই নিদিলে ছলমানে৷
কিন্তু কালৰ কুটিল গতি
ছলমানৰ এৰি স্বামীবৰণ কৰা অভিষেকৰ কথাও বৰ্তমান পাহৰি পেলাইছে ঐশ্বৰ্য ৰায়ে৷ মৌখিক বিচ্ছেদৰ পিছত বচ্চন পৰিয়ালৰ পৰা ঐশ্বৰ্য আছেগৈ বহু দূৰত৷ এতিয়া সঘনাই কন্যা আৰাধ্যাক লৈ বিদেশ ভ্ৰমণো কৰিছে একালৰ বিশ্বসুন্দৰীয়ে৷ বচ্চন পৰিয়ালৰ বোৱাৰী হৈ থকাৰ সময়ত অপূৰ্ণ হৈ থকা চখ এতিয়া পূৰণ কৰিছে ঐশ্বৰ্যই৷
ইতিমধ্যে শাহু-শহুৰৰ সৈতে সংঘাতৰ পিছত বচ্চন পৰিয়ালৰ পৰা ঐশ্বৰ্যই বিচাৰিছে সম্পত্তিৰ ভাগ৷ কিন্তু এতিযা প্ৰকাশ হৈছে ঐশ্বৰ্যৰ নতুন জীৱনৰো খবৰ৷
তদানুসৰি আকৌ ঐশ্বৰ্য প্ৰেমত পৰিছে৷ অৱশ্যে পুনৰাই ছলমান খানৰে প্ৰেমত পৰা নাই ঐশ্বৰ্য৷ কিন্তু বলীউডৰ এগৰাকী অল্পখ্যাত অভিনেতাই মোহিত কৰিছে একালৰ বিশ্বসুন্দৰীক৷
বলীউডী পত্ৰিকাৰ খবৰ অনুসৰি ঐশ্বৰ্যৰ নতুন প্ৰণয়প্ৰাৰ্থী হৈছে ইছলামধৰ্মী৷ তেওঁলোক দুয়ো একেলগে বিদেশলৈ গৈছিল৷ কিন্তু কেমেৰাত একেলগে ধৰা পৰাৰ ভয়ত দূৰে দূৰে আছিল ঐশ্বৰ্য আৰু নতুন প্ৰেমিক৷
প্ৰণয়প্ৰাৰ্থীৰ সৈতে কন্যা আৰাধ্যাকো চিনাকি কৰাই দিছে ঐশ্বৰ্যই৷ কিন্তু তেওঁ সম্ভৱত সেই খবৰ ৰাজহুৱা কৰিব অভিষেক বচ্চনেৰে বিচ্ছেদৰ পিছতহে৷ আইনী বিচ্ছেদ হোৱাৰ পিছত প্ৰেমৰ কথা স্বীকাৰ কৰিব মিছ ৱৰ্ল্ড ঐশ্বৰ্যই৷