প্ৰমোদ বড়ো হ’ব পাৰে BTCৰ CEM৷ কিন্তু BTCত আছে এজন ছুপাৰ CEM৷ তেওঁ প্ৰমোদ বড়োৰ কথাও নুশুনে৷ চিধাই দিছপুৰৰ সৈতে থকা কানেকশ্যনৰ বাবে তেওঁক একো ক’বলৈয়ো সাহস নকৰে প্ৰমোদ বড়োৱে৷ BTCৰ সেইজন ছুপাৰ CEM হৈছে বিজেপি নেতা অৰূপ কুমাৰ দে’৷
BTCৰ এক্সিকিউটিভ মেম্বাৰ অথবা কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ হৈছে এতিয়া শ্ৰীৰামপুৰ গে’টৰ ৰজা৷ তেওঁৰ ইংগিত অবিহনে এতিয়া শ্ৰীৰামপুৰ গে’টেৰে এখনো গাড়ী পাৰ নহয়৷ বাহিৰৰ পৰা অসমলৈ অহা সকলো সামগ্ৰীৰে টেক্স আদায় কৰে অৰূপ দে’ৰ অনুগত বাহিনীয়ে৷ আমি লাভ কৰা তথ্য অনুসৰি ব্ৰইলাৰ মুৰ্গীৰ ছিণ্ডিকেটৰো নায় হৈছে এইজন অৰূপ দে’৷ তেওঁ চৰকাৰী বিভাগৰ দৰেই বিভিন্ন ছিণ্ডিকেটৰ বাবে সুকীয়া টীম গঠন কৰি দিছে৷
ব্ৰইলাৰ ছিণ্ডিকেটত অৰূপ দে’ৰ টীমত আছে গ’ল্ডেন নামৰ সদস্যজন৷ তাৰ পিছতে আছে গুপ্তা আৰু শ্ৰীৰামপুৰৰে হাফিজুৰ৷ প্ৰাক্তন NDFB সদস্য লোহাও অৰূপ দে’ৰ ব্ৰইলাৰ ছিণ্ডিকেট পাৰ্টীৰ সদস্য৷
তেওঁলোকে শ্ৰীৰামপুৰ গে’টেৰে পাৰ হোৱা ব্ৰইলাৰ কুকুৰা পৰিবাহী প্ৰতিখন গাড়ীৰ পৰা সংগ্ৰহ কৰে গুণ্ডাটেক্স৷ চলি থকা ৰেট অনুসৰি ব্ৰইলাৰ কঢ়িওৱা বলেৰ’ পিক-আপ ভানে ছিণ্ডিকেট পাৰ্টীক দিব লাগে ৪৫ হাজাৰ টকা৷ এখন চাৰিচকাৰ গাড়ীয়ে অসমত ব্ৰইলাৰ মুৰ্গী সুমুওৱাৰ বাবদ অৰূপ দে’ৰ পাৰ্টীক ৪৫ হাজাৰ টকা দিয়ে৷
৬ চকীয়া ট্ৰাকৰ কিন্তু ৰেট বেছি৷ ব্ৰইলাৰ মুৰ্গী কঢ়িওৱা ৬ চকীয়া ট্ৰাকে শ্ৰীৰামপুৰ গে’টত ভৰিব লাগে ৫৫ হাজাৰ টকা৷ অন্যথা অৰূপ দে’ ছিণ্ডিকেট পাৰ্টীয়ে গাড়ী অসমত সোমাবলৈ নিদিয়ে৷
এই ধন পোনপটীয়াকৈ অৰূপ দে’ৰ বাকচত সোমায়৷ শ্ৰীৰামপুৰ গে’টৰ ৰজা অৰূপ দে’ৰ অন্য কাহিনীও আমি শীঘ্ৰে প্ৰকাশ কৰিম৷