গুৱাহাটীৰ ভৰলু নৈৰ দৰেই অৱস্থা হৈছে ভোগদৈৰ৷ পৃথিৱীৰ বুৰঞ্জীত একমাত্ৰ মানুহে খন্দা নদীখন পুতি পেলাইছে যোৰহটীয়াই৷
গুৱাহাটীৰ বাসিন্দাই কৃতকৰ্মৰ ফলত এতিয়া যি ফল ভুগিছে, সেই ফলেই আগলৈ ভুঞ্জিব লাগিব যোৰহাটৰ এচাম লোকে৷ ভোগদৈপৰীয়া বুলি গৌৰৱ কৰা লোকসকলে পিছলৈ হেৰুৱাব লগিব আপোন ঘৰ৷
কিন্তু এই ভয়ংকৰ ভৱিষ্যৎ তেওঁলোকেই সৃষ্টি কৰিছে৷ একালৰ ভৰা ভোগদৈ সম্প্ৰতি এচাম লোকৰ বাবে নলাত পৰিণত হৈছে৷ সকলো আৱৰ্জনা ভোগদৈতে পেলাই তেওঁলোকে পুতি পেলাইছে নদীখন৷
যোৰহাটৰ গৌৰৱ বুলিও এসময়ত সকলোৱে অভিহিত কৰা নৈখনতে সাঁতুৰি-নাদুৰি ডাঙৰ হৈছিল স্থানীয় শিশু৷ কি্তু বৰ্তমান ভোগদৈত সাঁতুৰিবলৈ নমাৰ বাবে কাৰোৰে সাহস নাই৷ কাৰণ ভোগদৈৰ পানী হৈ পৰিছে চহৰৰ নলাৰ দৰে লেতেৰা৷
তদুপৰি ভোগদৈৰ পানীৰ গোন্ধো সম্প্ৰতি অসহ্যকৰ হৈ পৰিছে৷ আৱৰ্জনা আৰু বিষ্ঠা কঢ়িয়াই ভোগদৈয়ো ক্লান্ত হৈ পৰিছে৷ অহৰহ আৱৰ্জনা নিক্ষেপৰ পৰিপ্ৰেক্ষিতত গভীৰতাও হ্ৰাস পাইছে ভোগদৈৰ৷
পূৰ্বে ভোগদৈৰ মাছৰ সোৱাদৰ কথাও অসমত চৰ্চিত আছিল৷ কিন্তু বৰ্তমান সেই পৰিৱেশো নাই৷ ভোগদৈত আছে মাত্ৰ কেইটামান মাছ৷ পূৰ্বৰ নিৰ্মল পানীৰ নৈখনত বৰ্তমান এটাও জলচৰ প্ৰাণী নাই৷
গতিকে এইদশকৰ ভিতৰত ভোগদৈ যে যোৰহাটৰ নৈপৰীয়াৰ চকুলো হৈ পৰিব সেয়া অৱধাৰিত৷